
আগন্তুক নবেম্বৰ মাহত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বুধবাৰে সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য আগবঢ়ায় মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
বিগত জানুৱাৰী মাহতেই অন্ত পৰিল বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকাল। কিন্তু তাৰ পাছতো নিৰ্বাচন অনুষ্ঠিত নোহোৱাত সৃষ্টি হৈছিল ব্যাপক চৰ্চা। সংবাদমাধ্যমৰ সন্মুখত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই জনোৱা মতে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টিৰ সংখ্যা বৃদ্ধি পাব। বৰ্তমানৰ ৩৬ৰ ঠাইত ৪০ টা সমষ্টিলৈ বৃদ্ধি পাব পাৰিষদীয় সমষ্টিৰ সংখ্যা। সেয়ে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিবলগীয়া হোৱাত কিছু পলম হৈছে নিৰ্বাচনৰ।
চায়েঙীয়াই জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম শেষ হৈছে। ১৬ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে ওজৰ-আপত্তি দৰ্শোৱাৰ অন্তিম দিন। ইয়াৰ বাবে নোডেল অফিছাৰ হিচাপে থকা ধেমাজি জিলা আয়ুক্তই জাৰি কৰিছে জাননী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চূড়ান্ত হ’লেই প্ৰকাশ কৰা হ’ব ভোটাৰ তালিকা।
ভোটাৰ তালিকা প্ৰকাশৰ পাছতেই ঘোষণা কৰা হ’ব নিৰ্বাচনৰ দিন। সেই অনুসৰি নবেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন।