২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।
এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ পিছতে আছে কংগ্ৰেছ। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে- ৯.৭ কোটিৰো অধিক। ইয়াৰ ভিতৰত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে- ৪৭,৩৯২ গৰাকী। একেদৰে যুৱ ভোটাৰৰ সংখ্যা হৈছে- ২২,২২,৭০৪ জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে- ৬,১০১ জন।
মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে এক সন্মানৰ প্ৰশ্ন হৈ পৰিছে। কিয়নো শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ বিপৰীতে একনাথ সিন্ধে নেতৃত্বাধীন গোটৰ এইবাৰেই হ’ব পোনপটীয়া অগ্নিপৰীক্ষা। বিজেপিৰ ছত্ৰছায়াতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈছিল সিন্ধে।
ৰাজ্যখনৰ ৭৬ খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। এই সমষ্টি কেইটাত সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। মহাৰাষ্ট্ৰ বিজেপিৰ দাবী ৭৬খন আসনৰ ভিতৰত অতি কমেও ৫০ খনতে বিজেপি প্ৰাৰ্থী জয়ী হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ দৃষ্টি ৰাখিছে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনকলৈ। নিৰ্বাচনী প্ৰচাৰত মোডীৰ এক শ্ল’গানে মহাৰাষ্ট্ৰৰ সাধাৰণ ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই নিৰ্বাচনৰ প্ৰচাৰৰ শ্ল’গান হিচাপে মিত্ৰতাকে আধাৰ কৰি লৈছে।
মোডীৰ মতে ‘এক সেতু, ছেভ সেতু।’
একেদৰে উক্ত দিনটোতেই ঝাৰখণ্ডত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ই ভি এমত বন্দী হ’ব ৫২৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মুঠ ৫২৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ৫৫ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰ ঝাৰখণ্ডৰ ভোটাৰৰ সংখ্যা হৈছে ১.২৩ কোটিৰো অধিক। ইয়াৰ ভিতৰত ৬০.৭৯ লাখ হৈছে মহিলা ভোটাৰ।
উল্লেখ কৰা প্ৰয়োজন যে এইবাৰৰ নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ হাতৰ পৰা শাসনৰ বাঘজৰী কাঢ়ি আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছে বিজেপি শিবিৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ঝাৰখণ্ডৰ প্ৰচাৰত দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ চলাইছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ৰাজ্যখনত সৰ্বমুঠ ৮১খন আসনৰ ৪৩ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ৬৮৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই ভোটযুদ্ধত অৱতীৰ্ণ হৈছিল কেইবাগৰাকী হাইপ্ৰফাইল প্ৰাৰ্থী। ছৰাইকেল্লা সমষ্টি দখলৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা চম্পাই চোৰেণ। উল্লেখযোগ্য যে উপ নিৰ্বাচনকে ধৰি সাধাৰণ নিৰ্বাচনৰ সকলো ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত।