মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাইলৈ শপত ল’ব দেৱেন্দ্ৰ ফাড়নভিছে…

মহাৰাষ্ট্ৰত বিগত প্ৰায় এটা পষেক ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অন্ত পৰিল । মাৰাঠা ৰাজ্যখনৰ ৰাজনীতিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট মহাযুটিৰ মাজত দেখা দিয়া অচলাৱস্থাৰ অৱসান ঘটিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। দেৱেন্দ্ৰ ফাড়নভিছে বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

বিজেপিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানীক মহাৰাষ্ট্ৰ বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল। বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে নতুন মুখ্যমন্ত্ৰীয়ে ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য নেতাৰ উপস্থিতিত শপত গ্ৰহণ কৰিব।

শেহতীয়াকৈ অনুষ্ঠিত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাযুটি মিত্ৰজোঁটে ২৮৮খন বিধানসভা আসনৰ ভিতৰত ২৩০খন আসন লাভ কৰিছিল। বিজেপিয়ে ১৩২খন আসন লাভ কৰি নেতৃত্ব দিছিল। আনহাতে শিৱসেনাই ৫৭খন আৰু এনচিপিয়ে ৪১খন আসন লাভ কৰিছিল।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে