ভাল খবৰ! ৰাষ্ট্ৰীয় বঁটা আহিল মাজুলীলৈ…

 মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় পঞ্চায়তখনে ।

১১ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে । শনিবাৰে মাজুলীৰ কমলাবাৰী ঘাটত বিপুল আদৰণি জনোৱা হয় দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বঁটা লৈ উপস্থিত হোৱা উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে জেংৰাইমুখ গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা জেংৰাই গাঁও পঞ্চায়তৰ হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জলী আৰু অতিৰিক্ত আয়ুক্ত জয়ন্ত গোস্বামীয়ে এই বঁ‌টা গ্ৰহণ কৰিছিল । শনিবাৰে এই বঁটা লৈ মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হোৱা দলটোক বিপুল আদৰণি জনাই জেংৰাইমুখ গাঁও পঞ্চায়তৰ ৰাইজে । কমলাবাৰী ঘাটত উপস্থিত হৈ আবেগিক হৈ পৰে উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়াগৰাকী ।

তেওঁ কয়,”মাজুলীবাসীৰ বাবে আজি এটা গৌৰৱৰ দিন । ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাটো ইমান সহজ নহয় । পঞ্চায়তৰ সকলো কৰ্মচাৰীৰ প্ৰচেষ্টাৰ বাবে এনেকুৱা এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ । আহি থকা দিনত পঞ্চায়তসমূহৰ আন আন শিতানত ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিম যাতে আহি থকা দিনত আন আন সুবিধা লাভ কৰিবলৈ সক্ষম হওঁ ।” ইফালে দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বঁটা লৈ উপস্থিত হোৱা উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে জেংৰাইমুখ গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক বিশাল বাইক ৰেলীৰে আদৰি নিয়া হয় কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ পঞ্চায়তলৈ ।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ