শুকাইছে ব্ৰহ্মপুত্ৰ! অফলামুখত ফেৰী চপাবলৈ অসুবিধাত পৰিছে ফেৰী চালক…

অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ । কমলাবাৰী-নিমাতী ঘাটৰ পাছত আফলামুখ-নিমাতী ঘাটৰ মাজত জাহাজ চলাচলত আহিছে সমস্যা । দৈনিক হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰ নদীত পানী হ্ৰাস পোৱাৰ বাবে নিমাতী ঘাটৰ পৰা আফলামুখ লৈ আহিলে অফলামুখত ফেৰী চপাবলৈ অসুবিধাত পৰিছে ফেৰীৰ চালকসকল ।

ইফালে নিমাতী ঘাটৰ সন্মুখত বালিচৰ হোৱাৰ ফলত জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হোৱা বুলি ব্যক্ত কৰে জাহাজচালকৰ লগতে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। ফেৰী চলাচল কৰা চেনেলসমূহত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ যি পৰিমাণ সেই অনুপাতে অধিক বোজা লৈ ফেৰী চলাচল কৰিব নোৱাৰি বুলি জানিবলৈ দিয়ে ফেৰী চালকসকলে ।

যাৰ ফলত আগন্তুক ৰাস পালনামত চাৰিচকীয়া আৰু দুচকীয়া বাহন জাহাজত যে সীমিত সংখ্যকহে পাৰ কৰিব পৰা হ’ব তাক অনুমান কৰিব পাৰি । অন্যহাতে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি বৰ্তমান স্থানৰ পৰা অফলামুখ ঘাটতো জলস্তৰ হ্ৰাস পোৱাৰ বাবে দুই এদিনতে আন ঠাইলৈ স্থানান্তৰিত কৰাৰ কথা জানিবলৈ দিয়ে ।

আনহাতে কেইবাটাও দিন কমলাবাৰী নিমাতিৰ মাজত ফেৰী চলাচল বন্ধ থকাৰ পাছত পুনৰ ফেৰী সেৱা আৰম্ভ হৈছে যদিও কমলাবাৰী ঘাটত বৰ্তমানেও বন্ধ আছে চৰকাৰী জাহাজ চলাচল । এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে মাজুলীবাসীৰ লগতে মাজুলীলৈ সততে যাতায়ত কৰা ৰাইজ ।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জল পৰিবহণ মন্ত্ৰী কেশৱ মহন্তয়ো পৰিস্থিতিৰ বুজ লৈ বিশেষ ড্ৰেজাৰৰ সহায়ত বালি খান্দি জলপথ মুকলি কৰাৰো পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰিছিল । পিচে সেয়া কিমান ফলপ্ৰসু হ’ব সেয়া হ’ব সময়ত লক্ষ্যণীয় ।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু