“শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন,ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন”- আজি ৰাস পূৰ্ণিমা…

আজি ৰাস পূৰ্ণিমা ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য ৷ সচৰাচৰ ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে ৷ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘‘নাট মেলা পৰ্ব’’ অনুষ্ঠিত কৰা হয় ৷ উক্ত দিনাৰ পৰাই মাজুলীত এমাহ ধৰি ৰাসৰ আখৰা আৰম্ভ হৈ আহিছে ।

মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত এইবাৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে । ইতিমধ্যে সাজু হৈ উঠিছে ৰাসমঞ্চসমূহ । শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা যদিও ৰাসৰ আৰম্ভণি হ’ব, কিন্তু ১৪ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰাই উজনি আৰু নামনি মাজুলীৰ ৭ টা স্থানত অনুষ্ঠিত হয় এই ৰাসলীলা । বৃহস্পতিবাৰে নিশা মাজুলীৰ মূদৈবিল মিলনজ্যোতি ৰংগমঞ্চত আয়োজন কৰা হয় কংসালয় নাট ভাগ ৷

উল্লেখ্য যে, মাজুলী এতিয়া দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে । আনহাতে, আজি নিশাৰে পৰা অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পীসকলো ৷ মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ইতিমধ্যে বহু দেশী-বিদেশী পৰ্যটকে এতিয়া ভিৰ কৰিছেহি । ৰাস দর্শনাৰ্থীসকলক আদৰিবলৈ সাজু হৈছে মাজুলীবাসীও ।

অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ কমাৰগাঁও ৰূপালী যুৱক সংঘই বৃহস্পতিবাৰে শেষ দিনৰ বাবে আখৰা কৰে । সংঘৰ সদস্যসকলে জনোৱা অনুসৰি, প্ৰথম দিনা ২০০ গচি বন্তি প্ৰজ্বলনেৰে তেওঁলোকে ৰাসৰ কাৰ্যসূচী আৰম্ভ কৰিব । মাজুলীৰ লগতে অসমৰ সকলো ৰাসপ্ৰেমী দৰ্শকক ৰাসৰ নাট উপভোগ কৰাৰ লগতে তেওঁলোকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ।

  • Brahmaputra Times

    Related Posts

    আঘোণৰ পথাৰে কন্দুৱাইছে কৃষকক…

    ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ। চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক…

    পদুমণি নিতাইপুখুৰীৰ ৰাসলীলা মহোৎসৱ উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

    পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বহু স্থানত ৰাইজে অনুষ্ঠিত কৰিছে পৰম্পৰা ৰক্ষা কৰি শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ ।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা