
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, জাতীয়তাবাদী মানস শৰণীয়াই শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰিব৷ বিটিআৰ এলেকাৰ প্ৰাক্তন বিদ্ৰোহীসকলৰ গোচৰ চলাই অহা ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই শীঘ্ৰে ৰাজনৈতিক দলত যোগদান কৰিব বুলি চৰ্চা চলিছে৷ বিটিআৰৰ গোৰেশ্বৰত জন্ম গ্ৰহণ কৰা শৰণীয়াই ছেপ্তেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত বিপিএফত দলত যোগদানৰ সম্ভাৱনা আছে৷ এটা সূত্ৰই দাবী কৰা মতে, ছেপ্তেম্বৰ মাহত বিটিআৰৰ সদৰ কোকৰাঝাৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফৰ গণ সমাৱেশ অনুষ্ঠিত হ’ব৷ উক্ত সমাৱেশত শৰণীয়াই দলে-বলে বিপিএফত যোগদান কৰিব৷
শৰণীয়াক দলত যোগদান কৰোৱাই বিপিএফ দলে নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টি দখলৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷ কিয়নো গোৰেশ্বৰ সমষ্টিত যথেষ্ট সংখ্যক শৰণীয়া কছাৰী জনগোষ্ঠীৰ ভোটাৰ আছে৷ আনহাতে এনডিএফবিৰ মুখ্য নেতা ৰঞ্জন দৈমাৰীৰ লগতে আন নেতা আৰু কেডাৰৰ গোচৰসমূহ চলাই থকাৰ ফলত বড়ো জনগোষ্ঠীৰ সৈতে এক আৱেগিত সম্পৰ্ক আছে মানস শৰণীয়াৰ৷
যাৰ ফলত গোৰেশ্বৰ সমষ্টিত মানস শৰণীয়াই বিপিএফ দলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিলে জয়ী হোৱাৰ অৱকাশ নথকা নহয়৷ জানিব পৰা মতে, পূৰ্বে ৰঙিয়া বিধানসভা সমষ্টিত নিৰ্দলীয়া হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল শৰণীয়াই৷ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী মনোভাৱাপন্ন মানস শৰণীয়াৰ প্ৰয়াত জ্যেষ্ঠ ভাতৃ কৈলাশ শৰণীয়া কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আছিল৷