মণিপুৰত পুনৰ ‘আফস্পা’ বলৱৎ…

অগ্নিগৰ্ভা মণিপুৰত বিগত এসপ্তাহে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বিশেষকৈ জিৰিবাম অঞ্চলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অশান্ত মণিপুৰত পুনৰ ‘আফস্পা’ (Armed Forces (Special Powers) Act) বলৱৎ কৰিছে।

ৰাজ্যখনৰ ৫খনকৈ জিলাৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (‘আফস্পা’)বলৱৎ কৰা হৈছে। ইয়াৰোপৰি বৰ্তমান ৰাজ্যখনত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি এ পি এফ) ২০টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে চৰকাৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, জিৰিবাম, ইম্ফল ইষ্ট, ইম্ফল ৱেষ্ট জিলা, কাংপকপি আৰু বিষ্ণুপুৰ জিলাত ‘আফস্পা’ জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে,মণিপুৰৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ৰ ধাৰা ৩-ৰ অধীনত ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হয় আৰু ২০২৫ ৰ ৩১ মাৰ্চলৈকে ‘আফস্পা’ অব্যাহত ৰখা হ’ব ।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা