দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্কঃ মণিপুৰৰ বাবে শান্তি সূত্ৰ উদ্ভাৱনৰ বিষয়ে আলোচনা কৰাৰ লগতে বিবাদৰ সমাধানসূত্ৰ বিচাৰি উলিয়াবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মেইটেই, কুকি আৰু নগা বিধায়কসকলক আমন্ত্ৰণ জনাইছে। মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো যোৱা বছৰ মে’ মাহত ৰাজ্যখনত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছত মণিপুৰৰ মেইটেই, কুকি আৰু নগা বিধায়কসকলে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ’বলৈ গৈ আছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মণিপুৰৰ মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ প্ৰস্তাৱিত বৈঠকখনে অশান্তজৰ্জৰ ৰাজ্যখনৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে । উল্লেখ্য যে বিগত প্ৰায় ১৬ মাহ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন হিংসাত্মক ঘটনাৰ সাক্ষী হৈ আছে । আনহাতে, এই ভাতৃঘাতী সংঘৰ্ষৰ ফলত ৰাজ্যখনৰ ২২০ গৰাকীৰো অধিক নাগৰিকৰ মৃত্যু হৈছে আৰু ৬,৫০০০ ৰো অধিক লোক নিজ গৃহৰ পৰা বিতাড়িত হ’বলগা হৈছে ।

যোৱা বছৰ মে’ মাহত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ পৰা মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকখন এনেধৰণৰ প্ৰথমখন বৈঠক হ’ব, য’ত মেইটেই, কুকি আৰু নগা বিধায়কসকলে অংশগ্ৰহণ কৰিব ।

বৈঠকখন গৃহ মন্ত্ৰণালয়ে আহ্বান কৰিছে আৰু ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে নিজেই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বিপৰীত মেৰুত অৱস্থান কৰা ৰাজ্যখনৰ দুয়োটা প্ৰধান সম্প্ৰদায় মেইটেই আৰু কুকিৰ মাজত আলোচনাৰ সুবিধা প্ৰদান কৰাৰ বাবে এই বৈঠকখনৰ আহ্বান জনোৱা হৈছে ।

থংগাম বিশ্বজিৎ, থৌনাওজাম বসন্তকুমাৰ, ডঃ সপম ৰঞ্জন, থোকচোম ৰাধেশ্যাম, টংব্ৰাম ৰবিন্দ্ৰ আৰু মণিপুৰ বিধানসভাৰ অধ্যক্ষ থ সত্যব্ৰতে মেইটেই পক্ষক প্ৰতিনিধিত্ব কৰিব । আনহাতে, কুকি পক্ষক লেটপাও হাওকিপ, পাওলিয়েনলাল হাওকিপ, হাওখোলেটগেনকে ধৰি আন কেইগৰাকীমানে প্ৰতিনিধিত্ব কৰিব বুলি সূত্ৰত প্ৰকাশ ।

ইয়াৰ উপৰি নগা দলটোক প্ৰতিনিধিত্ব কৰিব আৱাংবো নিউমাই, এল দিখো আৰু ৰাম মুইভাই ৷ অৱশ্যে ইতিমধ্যে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক দিল্লীত উপস্থিত হৈছে যদিও বাকীসকল সোমবাৰে সন্ধিয়ালৈকে দিল্লী গৈ পোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰত লগতে প্ৰকাশ ।

“কাইলৈৰ বৈঠকখন এটা ভাল পদক্ষেপ । আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে সকলো সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰক, যাৰ অবিহনে স্থায়ী সমাধান বিচাৰি উলিওৱা সম্ভৱ নহয় ।” মঙলবাৰে বৈঠকত অংশগ্ৰহণ কৰিবলগা মণিপুৰৰ বিধায়ক এল দিখোৱে কয় ।

“বৈঠকৰ বিতং কাৰ্যসূচীৰ বিষয়ে মই অৱগত নহয় । আমি ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ সম্ভৱপৰ সকলো উপায় বিচাৰিবলৈ চেষ্টা চলাই আছোঁ । আমাক বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । গতিকে মই এইবাৰ আশাবাদী, কিয়নো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো সম্প্ৰদায়ক এনে এটা সূত্ৰ বিচাৰিবলৈ অন্তৰ্ভুক্ত কৰিছে, যাৰ দ্বাৰা স্থায়ী শান্তি আহিব পাৰে ।” মণিপুৰ কেবিনেটৰ এগৰাকী মন্ত্ৰী আৱাংবো নিউমাই কয় ।

আনহাতে, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এম পি চি চি) সভাপতি কে মেঘাচন্দ্ৰই অৱশ্যে কয় যে বিৰোধী দলক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই । কিন্তু বৈঠকৰ ফলাফল যিয়েই নহওক কিয়, তেওঁলোকে সেয়া গ্ৰহণ কৰিব । “বিৰোধী হিচাপে আমাক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাই । অৱশ্যে বৈঠকৰ ফলাফল যিয়েই নহওক, আমাৰ বাবে গ্ৰহণযোগ্য হ’ব ।” মেঘাচন্দ্ৰই কয় ।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক