ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ । শনিবাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সম্পন্ন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া । অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা স্থলীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু অন্যান্য বিশিষ্ট নেতাসকল উপস্থিত থাকি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।

উল্লেখ্য যে তেওঁ ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও এই সন্মানীয় পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী শিখ নেতা আছিল। প্ৰয়াত সিঙে ২০০৪ চনৰ মে’ মাহৰ পৰা ২০১৪ চনৰ মে’ মাহলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ নেতৃত্ব দিছিল। বৃহস্পতিবাৰে নিশা ৮:০৬ বজাত তেওঁক নতুন দিল্লীৰ এইমছত জৰুৰীকালীনভাৱে ভৰ্তি কৰোৱা হয় যদিও নিশা ৯:৫১ বজাত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছৰ পৰাজয়ৰ পিছত ৰাজহুৱা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা ড৹ মনমোহন সিঙে ২০২৩ চনৰ আগষ্টত ৰাজ্যসভাত অন্তিমবাৰ ৰাজহুৱাভাৱে উপস্থিত হৈছিল। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সন্মানাৰ্থে সাতদিনীয়া শোক ঘোষণা কৰে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…