বৌদ্ধ মঠৰ বাবে ৩০ লাখ টকা মূল্যৰ জমি দান জাহা চিংফৌৰ

এগৰাকী প্ৰখ্যাত সমাজসেৱিকাই বৌদ্ধ মঠৰ বাবে দান কৰিছে প্ৰায় ৩০ লাখ টকা মূল্যৰ ভূমি৷ মাৰ্ঘেৰিটাৰ মাকুম পাথাৰৰ মাছে গাঁৱত বৌদ্ধ মঠ নিৰ্মাণৰ বাবে এই ভূমি দান কৰিছে৷ আজি বৌদ্ধ মঠৰ উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাও চাউন মেইন, নামচাই সমষ্টিৰ বিধায়ক চাও জিংনু নামচুম, মাৰ্ঘেৰিটাৰ মহকুমাধিপতি থাউডাম পৰীক্ষিত আৰু ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ অঞ্চলৰ খ্ৰীষ্টান ধৰ্মীয় নেতা তেহোন হাকুন আদি উপস্থিত থাকে। আটাইকেইজনে প্ৰধান অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে। চিৰৗে পাথাৰৰ প্ৰখ্যাত সমাজসেৱিকা জাহা চিংফৌৱে মাৰ্ঘেৰিটাৰ মাকুম পাথাৰৰ মাছে গাঁৱত স্থাপিত বৌদ্ধ মঠৰ বাবে ৪ কঠা মূল্যৱান জমি দান কৰিছে। উক্ত জমিখিনিৰ মুল্য প্ৰায় ৩০ লাখ টকা বুলি জানিব পৰা গৈছে। জাহা চিংফৌৱে মহৎ উদ্দেশ্যৰ বাবে লোৱা পদক্ষেপৰ বাবে অঞ্চলটোত ধর্মীয়, সাংস্কৃতিক আৰু সামাজিক ভেটি অধিক দৃঢ় হ’ব বুলি কয় ৰাইজে৷ জাহা চিংফৌৰ সমাজৰ বাবে কৰা মহৎ আৰু দৃষ্টান্তমূলক অৱদানৰ বাবে সকলোৱে প্ৰশংসা কৰিছে। তেওঁৰ এই ভূমিকা কেৱল এক ধৰ্মীয় অনুষ্ঠান স্থাপনেই নহয়, অঞ্চলটোৰ সম্প্ৰীতি আৰু একতা গঢ়ি তোলাৰ ক্ষেত্ৰতো এক অনুকৰণীয় পদক্ষেপ বুলি বিবেচিত হৈছে। স্থানীয় ৰাইজে তেওঁক আধুনিক যুগৰ দানবীৰ আখ্যা দি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

  • Related Posts

    মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…

    জাতিগত জনগণনাক আদৰণি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ

    ভাৰত চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়া জাতীয় পৰিষদে৷ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…