গুৱাহাটীঃ নিত্য বৱহাৰ্য সামগ্ৰী, বিদ্যুৎৰ বিল আদি বৃদ্ধিৰ সময়তে চিকিৎসা ব্যয় বৃদ্ধি কৰি নাগৰিকক ৰামটাঙোন সোধাইছে ৰাজ্য চৰকাৰে৷ চৰ্চা অনুযায়ীয়ে বৃদ্ধি কৰা হ’ল চিকিৎসা ব্যয়৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আৰ্হিৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে বৃদ্ধি কৰিলে চিকিৎসা ব্যয়৷ সাধাৰণ ঘৰৰ ৰোগীৰ বাবে শেষ ভৰষা চৰকাৰী হাস্পতালত এতিয়াৰ পৰা মহঙা হ’ব চিকিৎসা ব্যয়৷ ৫০ৰ পৰা ৭৫ শতাংশ বৃদ্ধি খৰচ বৃদ্ধি কৰিলে বিভাগে৷
চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হয়৷ পূৰ্বে ১০ টকা আছিল এতিয়াৰ পৰা ২০ টকা কৰা হৈছে পঞ্জীয়ন মাচুল। কেৱল পঞ্জীয়ন মাচুলেই নহয় আন ১০৭টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে।
বিচনাৰ বিনিময়ত ৰোগীৰ অভিভাৱকে ভৰিব লাগিব দিনে ২০ টকাকৈ। ডি-ভিটামিন পৰীক্ষা ১২০০ টকাৰ পৰিৱৰ্তে ১৫০০ টকা, থাইৰয়ডৰ পৰীক্ষাত ৬০০ৰ পৰিৱৰ্তে ৮০০ টকা, লিপিড প্ৰফাইল টেষ্টত ৩৬৫ টকাৰ পৰিৱৰ্তে ৫০০ টকা ভৰিব লাগিব। চৰকাৰী হাস্পতালত পেয়িং কেবিন দৰকাৰ হ’লে ১২০০ টকা ভৰিব লাগিব৷ আগে আছিল ১০০০ টকা৷