মেঘালয়ৰ ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’, দেশৰ আকৰ্ষণীয় সাংস্কৃতিক উৎসৱসমূহৰ ভিতৰত অন্যতম । এই চেৰী ব্লছম ফেষ্টিভেললৈ দেশ-বিদেশৰ দৰ্শক-শ্ৰোতা আহে ৷ এইবাৰো দুদিনীয়াকৈ আয়োজন কৰা হৈছে চেৰী ব্ল’ছম ফেষ্টিভেলৰ ৷
মেঘালয়ৰ পৰ্যটন বিভাগে অহা ১৫-১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’ৰ । এইবাৰৰ ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’ত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পী আৰু স্থানীয় তাৰকাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব ।
মেঘালয়ৰ পৰ্যটন বিভাগে জনোৱা মতে, “শ্বিলঙৰ আৰ ডি এচ এ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলৰ প্ৰথম দিনা জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বেণ্ড বনী এম এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব । ১৬ নৱেম্বৰ অৰ্থাৎ উৎসৱৰ দ্বিতীয় দিনা একন, ডিজে আৰ৩ এইচ এ বি, কণিকা কাপুৰৰ সংগীতানুষ্ঠান আছে ৷ তেওঁলোকৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শিল্পীৰ লগতে ৰিতু ৰিবা, কুইন ছেনছেশ্যন, খাচী ব্লাডজৰ দৰে স্থানীয় শিল্পী আৰু বেণ্ড অনুষ্ঠান পৰিৱেশন কৰিব ।
উল্লেখ্য যে, এইবাৰৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলত জাপানক সহযোগী দেশ হিচাপে ঘোষণা কৰা হৈছে । জাপান আৰু মেঘালয়তে শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল পালন কৰা হয় বাবেই জাপানক সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে ।