৫ মাহে বেতনৰ পৰা বঞ্চিত কৰ্মচাৰীৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ…

ডিজিটেল সংবাদঃ ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনা আৰু “এমত্ৰন ” কৰ্তৃপক্ষৰ বেপৰোৱা স্থিতিৰ বাবে ৰাজ্যখনৰ হাজাৰ বিজাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীযে প্ৰাপ্য সহজলভ্য সেৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে। কেৱল সেয়াই নহয় ৰাজ্যখনৰ ৩৩ খন জিলাৰ সদৰত নিযুক্তি প্ৰাপ্ত ৩৩ গৰাকী নিষ্ঠাবান কৰ্মচাৰীৰ জীৱন জীৱিকালৈকো গভীৰ নিশ্চয়তা নামি আহিছে।

ৰাজ্য চৰকাৰে ২০২২ চনত ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীসকলৰ অৱসৰকালীন চৰকাৰী সেৱা আৰু সুবিধা তৰান্বিত কৰাত সহায়ক হোৱাকৈ প্ৰতিখন জিলা সদৰত স্থাপন কৰিছিল এটাকৈ “পেঞ্চনাৰ সেৱা কেন্দ্ৰ” চমুকৈ পি এছ কে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন জিলা সদৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত এনে সেৱা কেন্দ্ৰ স্থাপন কৰি তাত এগৰাকীকৈ সুদক্ষ আৰু অভিজ্ঞ কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল।

ৰাজ্য চৰকাৰ সিদ্ধান্ত অনুসৰি থলুৱা কোম্পানী “এমত্ৰন” ৰ জৰিয়তে এই প্ৰকল্পৰ পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰতিখন জিলা সদৰৰ শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত এনে কেন্দ্ৰ প্ৰতিষ্ঠা কৰি এইসমূহ কেন্দ্ৰত কম্পিউটাৰ জ্ঞানযুক্ত পাৰ্গত নিবনুৱাক অপাৰেটৰ হিচাবে বিধিগত ভাবে নিযুক্তি দি বেতন পর্যন্ত প্ৰদান কৰি নিয়মীয়া সেৱা আগবঢ়োৱা হৈছিল ।

প্ৰথমাৱস্থাত জিলাখনৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰু পৰৱৰ্তী সময়ত বিভিন্ন চৰকাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰী পেঞ্চনাৰৰ বাবে জৰুৰী প্ৰয়োজনীয় কাম কাজ সুচাৰুভাৱে পৰিচালনা কৰি আহিছিল এনেবোৰ কেন্দ্ৰই। কিন্তু প্ৰতিখন জিলাৰ চৰকাৰী পেঞ্চনাৰসকলৰ এনে অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰি মহৎ সেৱা আগবঢ়াই অহা এইসকল পি এছ কেৰ কৰ্মচাৰীক চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা সেৱা প্ৰদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছে ।

বন্ধ কৰি দিয়া হৈছে ৩৩খন জিলাৰ ৩৩টা পেঞ্চন সেৱা কেন্দ্ৰ। এনেবোৰ কেন্দ্ৰৰ প্ৰতিষ্ঠাকালীন কম্পিউটাৰ, অন্যান্য প্ৰয়োজনীয় সা-সামগ্ৰী সংশ্লিষ্ট শিক্ষা বিভাগৰ হাতলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশনাও জাৰি কৰা হৈছে চৰকাৰী ভাবে। ২০২২ চনৰ ১জুনৰ পৰা সুদীর্ঘ ২ বছৰ ধৰি চৰকাৰী পেঞ্চনাৰসকলৰ প্ৰতি নিষ্ঠবান সেৱা আগবঢ়াই অহাৰ পৰৱৰ্তী সময়ত হঠাৎ অৱসৰী শিক্ষক কৰ্মচাৰীসকলক প্ৰবঞ্চিত কৰি এনেবোৰ কেন্দ্ৰ বন্ধ কৰি দিয়াত এতিয়া নতুন পেঞ্চনাৰসকলৰ মাজত হাঁহাকাৰ লাগিছে।

সমান্তৰাল ভাৱে কেন্দ্ৰসমূহৰ কৰ্মঠ পৰিচালক (অপাৰেটৰ) সকলৰ জীৱনলৈ গভীৰ অনিশ্চয়তা নামি আহিছে। সৰ্বোপৰি এইসকল খাতিখোৱা কম্পিউটাৰ অপাৰেটৰৰ মুঠ ৫ মাহৰ প্ৰাপ্য বেতনো “এমত্ৰন” কৰ্তৃপক্ষই আদায় নিদি অন্য এক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উথাপিত হৈছে । এহাতে পেঞ্চনাৰসকল সন্মুখীন হোৱা অবৰ্ণনীয় সমস্যা আৰু অন্যহাতে আকস্মিক ভাবে কেন্দ্ৰসমূহ বন্ধ কৰি ৩৩ গৰাকী নিয়োজিত কৰ্মচাৰীৰ জীৱনলৈ নামি অহা গভীৰ অনিশ্চয়তা অনুধাৱন কৰি দুৰ্ভগীয়া কৰ্মচাৰীসকলে যোৱা ২৯ জুনত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীত সাক্ষাৎ কৰি এই স্পৰ্শকাতৰ বিষয়টো অৱগত কৰে।

ভুক্তভোগী “সদৌ অসম পেঞ্চনাৰ সেৱা কেন্দ্ৰ অপাৰেটৰ সন্থা”ৰ সভাপতি চিত্ৰ ৰঞ্জন দিহিঙীয়া ,সম্পাদক নৱনিতা তহবিলদাৰৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰি অসম ইলেকট্ৰনিক ডেভেলপমেণ্ট কোম্পানী লিমিটেড কৰ্তৃপক্ষই এই সেৱা কেন্দ্ৰসমূহৰ কৰ্তৃত্বৰ দায়িত্ব অসম চৰকাৰলৈ হস্তান্তৰ কৰাৰ বারে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। এই সিদ্ধান্তৰ ফলত কৰ্মৰত অপাৰেটৰসকলে সন্মুখীন হ’ব লগা অবৰ্ণনীয় জটিল সমস্যাৰ বিষয়ে ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীক।

অপাৰেটৰ সন্থাই যিহেতু এটা চৰকাৰী প্ৰকল্পৰ হিচাবে পৰিচিত এই সেৱাৰ ধাৰাবাহিকতা চৰকাৰী বিভাগৰ জৰিয়তে অব্যাহত থাকিব ।সেয়ে এইসকল অভিজ্ঞ কৰ্মচাৰীৰ জৰিয়তে এই চৰকাৰী সেৱা অব্যাহত ৰখাৰ আহ্বান জনায় ।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক