মিচিং হস্ততাঁত বস্ত্ৰলৈ জি আই টেগ…

মিচিং হস্ততাঁত সামগ্ৰিক ২৫ নৱেম্বৰ, সোমবাৰে আনুষ্ঠানিক ভাবে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কুৰালগুৰিস্থিত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে জনোৱা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত নতুন দিল্লীৰ হোটেল অবেৰয়ৰ সভাগৃহত হোৱা জি আই টেগৰ আন্তজাতিক কৰ্মশালাত আবেদনকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক পংকজ কুমাৰ শৰ্মা আৰু সহ সম্পাদক গগন বৰদলৈৰ হাতত সেই স্বীকৃতি প্ৰমাণপত্ৰ আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷

উল্লেখ্য যে চলিত বছৰৰ মাৰ্চ মাহতে মিচিং জনজাতি হস্ততাঁত সামগ্ৰীৰ জি আই টেগৰ স্বীকৃতি পঞ্জীয়ন হৈছিল ৷ উল্লেখ্য যে এই কৰ্মশালাত ভাৰতৰ উপৰিও ৰাছিয়া, জাপান, ইটালি, ফ্ৰাঞ্চকে ধৰি ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত আছিল ৷অনুষ্ঠানত অসমকে ধৰি ভাৰতৰ ১০ খন ৰাজ্যৰ বিভিন্ন সামগ্ৰীলৈ জি আই টেগৰ প্ৰমাণপ্ৰত্ৰ প্ৰদান কৰা হয় ৷

উক্ত আন্তৰ্জাতিক কৰ্মশালাত অসমৰ হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে প্ৰদৰ্শন কৰা মিচিং বস্ত্ৰ আৰু অসমীয়া গামোচা বিভিন্ন ৰাষ্ট্ৰৰ অংশগ্ৰহণকাৰী বাণিজ্যিক প্ৰতিনিধিয়ে ক্ৰয় কৰাৰ বাবে আগ্ৰহী বুলি পঙ্কজ কুমাৰ শৰ্মাই জানিবলৈ দিছে ৷ নাবাৰ্ডৰ সহযোগত হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানে দুবছৰ ধৰি জি আই টেগ লাভৰ বাবে কৰা অহৰহ প্ৰচেষ্টাই অৱশেষত সফলতা লাভ কৰাত মিচিং জনগোষ্ঠীৰ লগতে অসমৰ ৰাইজকো উৎফুল্লিত কৰিছে।

  • Brahmaputra Times

    Related Posts

    লাওখোলা উদ্ধাৰৰ স্থানত উপস্থিত চি আই ডি বিষয়া…

    নিৰ্মম জাহাংগীৰ হত্যাকাণ্ডৰ প্ৰায় ৬ টা মাহ সম্পূৰ্ণ হোৱাৰ দিনাই ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া দলঙৰ তলৰ এটা ডুবিত বস্তাত প্ৰকাণ্ড শিল সহ ভৰাই পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰিছিল অঞ্চলটোৰ একাংশ…

    জাহাংগীৰ হত্যাকাণ্ডঃ ঢকুৱাখনাত উপস্থিত চি আই ডি

    প্ৰায় ৬ টা মাহৰ বিৰতিৰ পাছত পুনৰ চৰ্চাৰ বিষয় হৈছে ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হুছেইনৰ হত্যাকাণ্ড বিষয়টো। শনিবাৰে গাঁওখনৰ সমীপৰ এটা ডুবিত উদ্ধাৰ হয় এটা পৰিত্যক্ত লাওখোলা। চিমেণ্টৰ বেগৰ ভিতৰত পলিথিনৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…