মিঞাতকৈ ভয়ংকৰঃ দিপাংকৰ, চুমি, বিশাল, স্বপ্ননীলৰ দৰে লোকৰ পৰা সাৱধানে থাকক…

ডিজিটেল ডেস্কঃ মিঞাক গালি পাৰি থাকোতেই অসমীয়া খিলঞ্জীয়াই লুটি নিলে নিজৰ মানুহৰে শ শ কোটি টকা। মিঞাতকৈ অতি ভয়ংকৰ দিপাংকৰ, বিশাল, স্বপ্ননীল, চুমিৰ দৰে লোক। অনলাইন ট্ৰেডিঙৰ নামত কম দিনতে ধনী হোৱাৰ সমোন দেখাই মানুহৰ পৰা কোটি কোটি টকা শৰাধ কৰা দিপাংকৰ, স্বপ্ননীল, বিশাল আৰু চুমিৰ দৰে মানুহৰ পৰা সময় থাকোতেই সাৱধান হওক। নতুবা আপোনাৰ সাচতীয় ধনো হব পাৰে এওলোকৰ বিলাসী জীৱনৰ অন্য এক উতস।

২২বছৰীয়া বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছতে বহু ন ন তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে বিশালৰ পৰা ৬টা আইফোন জব্দ কৰা হৈছে। ১০ৰো অধিক বেংক একাউন্ট ছীলড কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিছে যে, চুমিৰ বিয়াত প্ৰায় ৫কোটি টকা খৰচ কৰিছিল বিশালে। ইফালে আনৰ ধনেৰে ৰাজকীয় জীৱন কটোৱা বিশাল-চুমিয়ে এগৰাকী জনপ্ৰিয় গায়কৰ ঘৰত সঘনাই কৰিছিল পাৰ্টি।

শেহতীয়াকৈ মঙলবাৰে ৰাতিটোৰ ভিতৰতে ১০ৰো অধিক এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গ্ৰাহকৰ পৰা কোটি কোটি টকা আত্মসাত কৰা উজনি অসমৰ আন এগৰাকী অন্যতম প্ৰৱঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ট্ৰেডিং FX নামেৰে এটা প্ৰতিষ্ঠান খুলি বহুজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছে কাকতিৰ বিৰুদ্ধে।

ইফালে বিশাল ফুকনক প্ৰৱঞ্চনাৰ জাল পেলোৱাত সহায় কৰা তথা গ্ৰাহকৰ যোগান ধৰা অভিনেত্ৰী তথা মডেল চুমি বৰা বৰ্তমানেও পলাতক। নিজৰ ফোন অফ কৰি আত্মগোপন কৰা চুমি বৰা বহিঃৰাজ্যত আশ্ৰয় লোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। বিপদৰ আগজাননী পাই চুবুৰীয়া ৰাজ্য নেপাললৈ পলাই যোৱাৰ সন্দেহ কৰিছে একাংশই। আনফালে দিনটোৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা স্বপ্ননীল দাসৰ গুৱাহাটী আৰু শিৱসাগৰস্থিত কাৰ্যালয় ছীল কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে ধৃত স্বপ্ননীলৰ তৃতীয়খন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে।

 

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ