লাওছৰ ১৯ সংখ্যক পূব এছিয়া সন্মিলনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ  লাওছত অনুষ্ঠিত ১৯ সংখ্যক পূব এছিয়া সন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰষ তেওঁ কয় যে, সংঘাত সমাধানৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এয়া যুদ্ধৰ যুগ নহয় বুলি নিজৰ বিশ্বাসৰ কথা দোহাৰি তেওঁ কয়, “সমস্যাৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা আহিব নালাগে।”

সন্ত্ৰাসবাদক বিশ্বশান্তি আৰু নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকি হিচাপে উল্লেখ কৰি মোদীয়ে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ মানৱতাত বিশ্বাসীৱ শক্তিসমূহৰ মাজত সহযোগিতাৰ আহ্বান জনায়। তেওঁ সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

মোডীয়ে লগতে কয় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘৰ্ষই দক্ষিণ গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহক যথেষ্ট প্ৰভাৱিত কৰিছে। তেওঁ এই দেশসমূহৰ উন্নয়ন আৰু স্থিৰতাৰ ওপৰত এই বিবাদবোৰৰ বিৰূপ পৰিণামৰ ওপৰত আলোকপাত কৰে।

তেওঁ লগতে দক্ষিণ চীন সাগৰত নিৰাপত্তাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰৰ বাবে অঞ্চলটোৰ স্থিৰতা অতি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে নৌ-চলাচল আৰু বায়ু সীমাৰ স্বাধীনতা নিশ্চিত কৰাৰ বাবে সাগৰীয় আইনৰ আধাৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ (ইউএনচিএলওএছ) অধীনত সামুদ্ৰিক কাৰ্যকলাপ চলোৱাৰো পোষকতা কৰে কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণৰ আৰম্ভণিতে টাইফুন য়াগীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি ‘অপাৰেচন সদ্ভাৱ’ৰ জৰিয়তে ভাৰতে আগবঢ়োৱা মানৱীয় সহায়ৰ কথা উল্লেখ কৰে। তেওঁ আছিয়ান ঐক্য আৰু মায়ানমাৰ সন্দৰ্ভত পাঁচ দফা সহমতৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে আৰু ইয়াৰ জৰিয়তে দেশখনত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

পূব এছিয়া সন্মিলনক ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে গণ্য কৰা হয়, মোডী হৈছে আজি পৰ্যন্ত অনুষ্ঠিত ১৯ খন পূব এছিয়া সন্মিলনৰ ভিতৰত ৯খনত অংশগ্ৰহণ কৰা একমাত্ৰ নেতা। উল্লেখ্য চলিত সন্মিলনত আয়োজক আৰু আগন্তুক সভাপতিৰ ঠিক পিছতেই ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা প্ৰথমজন নেতা আছিল প্ৰধানমন্ত্ৰী মোডী ।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    কাটাৰৰ আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ

    আমেৰিকাই ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ বেছত ছয়টা মিছাইলেৰে আক্ৰমণ কৰে৷ আক্ৰমণৰ পিছতে কাতাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ আজি ইৰানে কাটাৰৰ আকাশপথ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে