আন এখন বিমানেৰে ঝাৰখণ্ডৰ দেওঘৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সন্দৰ্ভত দেওঘৰৰ আয়ুক্তৰ পৰা পোৱা তথ্য অনুসৰি, যান্ত্ৰিক বিজুতি ঘটা বিমানখন সময়ত মেৰামতি নোহোৱা ফলত ২ ঘণ্টাৰো অধিক পলম হয়।
সেয়ে নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰা বায়ু সেনাৰ আন এখন বিমানেৰে প্ৰধানমন্ত্ৰী মোদীক দিল্লীলৈ লৈ যায়।উল্লেখ্যযোগ্য যে, ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হৈছিল। ফলত তেওঁৰ দিল্লীলৈ উভতনি যাত্ৰাত কিছু বিলম্ব হয়।
প্ৰধানমন্ত্ৰীৰ বিমানখনত কাৰিকৰী সমস্যা ধৰা পৰা পাছতে দেওঘৰ বিমানবন্দৰতে বিমানখন ৰখাই থোৱা হয় । অভিযন্তাৰ এটা বিশেষ দলে বিমানখন পৰীক্ষা কৰে যদিও সুফল নাপায়। মোদীয়ে দেওঘৰ বিমানবন্দৰত তেওঁৰ বিমানখন সাজু হোৱাৰ বাবে প্ৰায় ১ ঘণ্টা ধৰি অপেক্ষা কৰিছিল।
তেওঁৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, সেই সময়ছোৱাত অঞ্চলটোৰ আকাশমাৰ্গক ‘ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে।