মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীত কংগ্ৰেছৰ বিশাল কৰ্মী সভা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্গৰূপে পৰিচিত জালুকবাৰী সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই বজালে এক প্ৰকাৰ নিৰ্বাচনী ৰণশিঙা।
জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছিত বৃহত সংখ্যক লোকে যোগদান কৰিলে কংগ্ৰেছ দলত। যিটো সময়ত অসমত কংগ্ৰেছৰ সাংগঠনিক স্থিতি দুর্বল বুলি বিজেপিয়ে ইতিকিং কৰে সেই সময়তে কংগ্ৰেছ দলৰ বিশাল সভাই উৎসাহিত কৰে কংগ্ৰেছ কৰ্মীসকলক।
উল্লেখযোগ্য যে বুধবাৰে বিয়লি শুৱালকুছিত উপস্থিত হয় কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা। গায়ন-বায়ন, ঢুলীয়া, খুলীয়া, বিহু-বিহুৱতীৰে আদৰি নিয়ে ভূপেন বৰাক।
ইয়াৰ পিছতে অনুষ্ঠিত এখন সভাত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে তীব্ৰ সৰৱ হৈ পৰা দেখা যায় সভাপতি ভূপেন বৰাক। অনাগত দিনত কংগ্ৰেছ দলে যে আৰু অধিক সক্ৰিয় ৰূপত আগুৱাই যাব সেয়া নিশ্চিত হৈ পৰিছে।
বুধবাৰৰ এই সভাতে শুৱালকুছিৰ সাংবাদিক, অধিবক্তাসহ প্ৰায় তিনি শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।