
ৰাজ্যত চলি থকা নাৰীজনিত অপৰাধৰ মাজতেই মৰিগাঁৱৰ বিশেষ POCSO আদালতে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান।
শিশুক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দীপজ্যোতি ডেকা নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে।
আনহাতে কেশৱ নাথ নামৰ আন এজন অপৰাধীক ২০ বছৰৰ সশ্রম কাৰাদণ্ড প্ৰদান কৰে মৰিগাঁৱৰ বিশেষ POCSO আদালতে।
জাগীৰোড আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত আদালতে এই ঐতিহাসিক ৰায়দান প্ৰদান কৰে।