গড়াজানত একেলগে জ্বলিল পিতৃ-মাতৃ-কন্যাৰ চিতা…

ৰাজ্য জোকাৰি যোৱা নগাঁও জিলাৰ গড়াজানত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে ২৭ নৱেম্বৰত হ’বলগা বিয়াৰ প্ৰস্তুতিক লৈ ব্যস্ততাৰ মাজত শুকুৰবাৰৰ নিশা প্ৰায় ৮:৩০ বজাত গড়াজানৰ এটা পৰিয়ালৰ তিনি সদস্য সহ চাৰিজনকৈ লোকক চোকা অস্ত্ৰৰে এফালৰ পৰা ডিঙি কাটি কোনো অচিনাক্ত দুৰ্বৃত্ত‌ৰ দলে  হত্যা কৰি দলটো নিৰ্বিঘ্নে পৰাই যাবলৈ সক্ষম হয়।

হত্যাৰ বলি হোৱা লোক কেইজন আছিল গুণধৰ সৰকাৰ, তেওঁৰ পত্নী সৰুজনী সৰকাৰ আৰু  কন্যা জয়াস্মিতা সৰকাৰ। আনহাতে, ঘটনাস্থলীৰ পৰা অনুপম সুত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃতদেহো আৰক্ষীয়ে উদ্ধাৰ কৰে । যুৱকজন কি পৰিস্থিতিত উক্ত স্থানত হত্যাৰ বলি হ’ল সেই বিষয়ে  প্ৰথমে জানিব পৰা হোৱা নাছিল ।

শনিবাৰে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো চিনাক্ত কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে অনুপমৰ ঘৰ নগাঁও চহৰৰ তেতিয়াপট্টিত। আনহাতে এই সমগ্ৰ হত্যাকাণ্ডটোৰ লগত এক প্ৰেমজনিত বিষয় জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে । মন কৰিবলগীয়া বিষয় এই যে হত্যাৰ বলি হোৱা পৰিয়ালটোৰ কনিষ্ঠ কন্যা তথা নগাঁৱত কৰ্মৰত টেট শিক্ষয়িত্ৰী গৰাকীৰ অহা ২৭ নৱেম্বৰত বিয়াৰ দিন স্থিৰ কৰা হৈছিল।

এই শিক্ষয়িত্ৰী গৰাকীৰ সৈতে অনুপম সুত্ৰধৰৰ এক দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল । অৱশ্যে ২০২২ চনত তেওঁলোক দুয়োৰে মাজত প্ৰেমৰ দীৰ্ঘদিনীয়া সম্পৰ্কত ঘুনে ধৰিছিল। এই কথা আজি  নগাঁও জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জনায়। জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক আৰু জানিবলৈ দিয়া মতে দুয়োজনৰ মাজত হোৱা প্ৰেম বিবাদক কেন্দ্ৰ কৰি নগাঁও সদৰ আৰক্ষী থানাত একাধিক গোচৰো ৰুজু হৈ আছে।

যাৰ বাবে প্ৰেমিকাৰ বিয়া ঠিক হোৱাৰ কথা জানি হতাশগ্ৰস্ত হৈ যুৱতী গৰাকীৰ প্ৰাক্তন প্ৰেমিকজনে অৱশেষত প্ৰেমিকা সহ পৰিয়ালৰ লোকক হত্যা কৰাৰ পৰিকল্পনা কৰে। এই পৰিকল্পনাৰ অংশ হিচাপে কালি পৰিয়ালটোৰ তিনিজন লোকক হত্যা কৰিবলৈ সক্ষম হয় যদিও শিক্ষয়িত্ৰী প্ৰেমিকা গৰাকী ঘৰত নথকাৰ বাবে তেওঁ দৈৱক্রমে ৰক্ষা পৰে।

অৱশ্যে শুকুৰবাৰে প্ৰেমিকাৰ ঘৰখনত থকা তিনিজনক হত্যা কৰি প্ৰেমিক অনুপমে নিজেও আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইয়াৰ বিপৰীতে আন এক চৰ্চিত খবৰ অনুসৰি, অনুপম সুত্ৰধৰে ছুপাৰী কিলাৰৰ জৰিয়তে প্ৰেমিকাৰ পৰিয়ালৰ লোকক হত্যা কৰে আৰু ছুপাৰী কিলাৰে তথ্য প্ৰমাণ নষ্ট কৰিবলৈ অৱশেষত অনুপমকো  হত্যা কৰে। অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

আনহাতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে প্ৰাক্তন প্ৰেমিক অনুপমে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰে। ইপিনে, সমগ্ৰ ঘটনাটো তদন্ত কৰিবলৈ শুক্ৰবাৰে নিশা ঘটনাস্থলীত ফৰেনচিকৰ এটা দলৰ লগতে চি আই ডিৰ এটা দল উপস্হিত হৈ পৃথকে পৃথকে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছত প্ৰেমিক অনুপম সুত্ৰধৰ আৰু গড়াজানৰ একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃতদেহ সংশ্লিষ্ট পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে।

শনিবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত গড়াজানত পৰিয়ালটোৰ তিনিওজন লোকৰ চিতা একলগে জ্বলি উঠা দৃশ্য‌ই অঞ্চলবাসীক শোকাবিভূত কৰি তোলে। আনহাতে, গড়াজানৰ নাৰকীয় হত্যা কাণ্ডৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।

আজি সংগঠনটোৰ এটা সজাতী দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ হত্যা কাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাঁচিৰ দাবী জনায়। তদুপৰি, বঙালীৰ ভোট লৈ শাসনত থকা মুখ্যমন্ত্ৰীক ঘটনাৰ ন্যায় দিয়াৰ দাবী উত্থাপন কৰে। লগতে আৰক্ষী প্ৰশাসনে শীঘ্ৰেই হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিব নোৱাৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…