
কুৰি দিনৰ ভিতৰত নগাঁও জিলাৰ একেটা ঠাইত অনুসূচিত জাতিৰ দুই যুৱক আক্ৰমণৰ বলি হোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে অনুসূচিত জাতিৰ কেইবাটাও সংগঠনে৷ পথ দুৰ্ঘটনাৰ গইনা লৈ অনুসূচিত জাতিৰ দুই যুৱকক প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১৯ জানুৱাৰীত ১৯ বছৰীয়া ৰাজাবাবু দাস নামৰ যুৱক এজনক পথ দুৰ্ঘটনাৰ গইনা লৈ বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ লগতে ৫ ফেব্ৰুৱাৰীৰ নিশা প্ৰাঞ্জল দাস নামৰ এজন যুৱকক আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰহাৰ কৰাত লেবেজান হৈ হাস্পতালত ভৰ্তি হৈ আছে৷ এই ঘটনাক লৈ ইতিমধ্যে দুখনকৈ এজাহাৰ জাজৰি আৰক্ষী থানাত দাখিল কৰা হৈছে যদিও আজিলৈ আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা নাই৷ আজি দুই যুৱকৰ আক্ৰমণৰ ঘটনাক লৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৰ হস্তক্ষেপ দাবী কৰি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে স্মাৰক পত্ৰ প্ৰদান কৰিছে৷ অনুসূচিত জাতিৰ সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰে৷ সঞ্জীৱ দাসে কয় যে বিগত ১ নৱেম্বৰৰ নিশা নগাঁও জিলাৰ আমতল ডিমৰুগুৰিৰ অনুসূচিত জাতিৰ ৭০ বছৰীয়া দুলু দাস আৰু ১৩ বছৰীয়া নাতিনীক দলবদ্ধ আক্ৰমণ কৰি হত্যাৰ প্ৰয়াস কৰা হৈছিল। ১৩ বছৰীয়া নাতিনীক গণ ধৰ্ষণ কৰি ৰাস্তাত মৃতদেহ পেলাই থোৱাৰ ভাবুকি দি মাটি দখলৰ প্ৰয়াস কৰা হৈছিল৷ আমি প্ৰতিবাদ কৰিছিলো৷ ৰাজহুৱাসভা পাতি পাতি ন্যায় বিচাৰিছিলো৷ কিন্তু অনুসূচিত জাতিৰ কথা শুনিবলৈ কোনো নাই৷ এইবাৰ কুৰি দিনৰ ভিতৰতে একেই ঠাইত দুজন যুৱকক বৰ্বৰভাৱে প্ৰহাৰ কৰা হৈছে৷ এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে তৎপৰতা নেদেখুৱাই৷ আমি কি কৰিম৷ আইন হাতত ল’ব নোৱাৰো৷ সেয়েহে আমি ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰিছো৷ দুয়োটা ঘটনাৰ উচিত তদন্ত হওক৷ আক্ৰমণকাৰীসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰক আৰক্ষীয়ে৷ কিন্তু আৰক্ষীয়ে এজাহাৰক গুৰুত্ব সহকাৰে নলয় বুলি আক্ষেপ কৰে সঞ্জীৱ দাসে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ৫ ফেব্ৰুৱাৰীৰ নিশা ৰাইডঙীয়াৰ প্ৰাঞ্জল দাস কৰচুং নামৰ ঠাইত দুৰ্ঘটনাত পতিত হৈছিল৷ প্ৰাঞ্জলে চলাই অহা গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ সহায় বিচাৰিছিল৷ কিন্তু সহায় কৰাৰ পৰিৱৰ্তে অনুসূচিত জাতিৰ হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজ দিয়া প্ৰাঞ্জলক আক্ৰমণ কৰা হৈছিল৷ ডিঙি চেপি, লথিয়াই, কোবাই আঘাতপ্ৰাপ্ত প্ৰাঞ্জলক হত্যাৰ প্ৰয়াস কৰা হৈছিল৷ লগত থকা টকা-পইছা, চেইন লৈ গৈছিল৷ সেই সময়ত প্ৰাঞ্জলক প্ৰয়োজন আছিল চিকিৎসাৰ৷ কিন্তু হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে হত্যাৰ প্ৰয়াস কৰা হ’ল৷ তাৰ পিছত প্ৰাঞ্জলক ডকাইত সজাব বিচৰা হৈছিল৷ দুৰ্ঘটনাত পতিত প্ৰাঞ্জলক অস্পৃশ্য জাতিৰ মানুহ হোৱাৰ বাবেই আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো বৰ্বৰভাৱে প্ৰহাৰ কৰা হৈছিল৷ ইপিনে একেখন স্মাৰকপত্ৰ যোগে সংগঠনটোৱে কয় যে ১৯ জানুৱাৰীত নগাঁৱৰ ৰাইডঙীয়াৰে ৰাজাবাবু দাসৰ সৈতে একেই এলেকাত অনুৰূপ ঘটনা সংঘটিত হৈছিল৷ ১৯ জানুৱাৰীত ৰাজা বাবুৱে বন্ধু এজনৰ পদূলিত বন্ধুজনৰ সৈতে পথৰ দাঁতিত স্কুটীত বহি কথা পাতি আছিল৷ সেই সময়তে পথৰ দাঁতিত ৰৈ থকা স্কুটিখনত খুন্দা মাৰিছিল দুই স্কুটি আৰোহীয়ে৷ ৰাজাবাবুৰ স্কুটীত খুন্দা মৰা দুইজনেই আছিল নাবালক। আনুমানিক ১২ বা ১৩ বছৰীয়া কিশোৰ। দুই কিশোৰে পৰিয়ালৰ লোকক মাতি আনে৷ পৰিয়াল লোকে আহি প্ৰথমাৱস্থাত সুন্দৰকৈ কথা পাতে যদিও পিছত যেতিয়া গম পালে যে ৰাজাবাবু অনুসূচিত জাতিৰ, তেতিয়া তাক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ লাথ, ভুকু, ঘোচা মাৰি প্ৰাণ লোৱাৰ প্ৰয়াস কৰে৷ ৰাজাবাবুৱে বায়েকক ফোন কৰি সেই ঠাইলৈ মাতি নিছিল যদিও বায়েককো প্ৰহাৰ কৰে৷ জাজৰি আৰক্ষী থানাত এজাহাৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে৷ কুৰি দিনৰ ভিতৰতে একে এলেকাত দুই অনুসূচিত জাতিৰ যুৱকক প্ৰহাৰ কৰাত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ প্ৰশাসন আৰু আৰক্ষীৰ পৰা সহাৰি নোপোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰিছে৷ এছটি-এছচিৰ আইনৰ দ্বাৰা ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে৷