নাছাৰ চেলেঞ্জত জয় হ’লে পাব ২৫কোটি টকা

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আগন্তুক চন্দ্ৰ অভিযানৰ বাবে এক প্ৰত্যাহ্বানমূলক প্ৰতিযোগিতা আৰম্ভ কৰিছে ৷ যাৰ উদ্দেশ্য হৈছে আৱৰ্জনাসমূহ অন্তৱৰ্তীকালীনভাৱে পৰিচালনা কৰা ৷ প্ৰতিযোগিতাখনৰ নাম ‘লুনাৰিচাইকেল চেলেঞ্জ’ ৷ সমগ্ৰ বিশ্বৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি ভৱিষ্যতে আৱৰ্জনা পুনঃব্যৱহাৰৰ বাবে তেওঁলোকৰ পৰিকল্পনা দাঙি ধৰিব ৷ এই প্ৰত্যাহ্বানৰ বাবে নাছাই ৩০ লাখ ডলাৰৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২৫ কোটি টকা ৷

আৱৰ্জনা ব্যৱস্থাপনা কেৱল পৃথিৱীৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও চিন্তাৰ বিষয় হৈ পৰিছে ৷ নিয়মীয়াকৈ কক্ষপথত ঘূৰি থকা মহাকাশযানৰ পৰা আৱৰ্জনা বাহিৰ কৰা হয় ৷ মহাকাশত এই বস্তুবোৰে প্ৰদক্ষিণ কৰি থকাৰ বাবে উপগ্ৰহ আৰু মহাকাশযানৰ সংঘৰ্ষৰ আশংকা আছে ৷ তদুপৰি নতুন মহাকাশ অভিযানত বাধাৰ সৃষ্টি হোৱাৰ ভাবুকি ৷ এই কাৰণেই আগন্তুক চন্দ্ৰ অভিযানৰ পৰিপ্ৰেক্ষিতত নাছাই লুনাচাইকেল চেলেঞ্জ নামৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে যাতে ইয়াৰ মাজতে আৱৰ্জনা ব্যৱস্থাপনা কৰিব পাৰি ৷

৫০ বছৰৰ পাছত নাছাই মানুহক চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৷ নাছাৰ এই ঐতিহাসিক চন্দ্ৰ অভিযান ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব ৷ ইয়াৰ উদ্দেশ্য হৈছে চন্দ্ৰপৃষ্ঠত দীৰ্ঘম্যাদী মানুহৰ উপস্থিতি প্ৰতিষ্ঠা কৰা ৷ যিহেতু এই অভিযানত জড়িত মহাকাশচাৰী কেইমাহমান চন্দ্ৰৰ পৃষ্ঠত নিয়োজিত হ’ব, সেয়েহে আৱৰ্জনা নিষ্কাশন এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷

কাৰণ নাছাৰ পূৰ্বৰ চন্দ্ৰ অভিযানৰ সময়ত মহাকাশচাৰীসকলে চন্দ্ৰপৃষ্ঠত বৃহৎ পৰিমাণৰ আৱৰ্জনা আৰু মল এৰি থৈ গৈছিল ৷ ৬ মাহ থকাৰ সময়ছোৱাত প্ৰায় ৯৬টা জাবৰৰে ভৰা বেগ এৰি থৈ যায় ৷ এতিয়া যেতিয়া নাছাই আন এক দীঘলীয়া অভিযানৰ পৰিকল্পনা কৰিছে, তেতিয়া ইয়াৰ মাজতে আৱৰ্জনা ব্যৱস্থাপনাক অগ্ৰাধিকাৰ দিছে।

নাছাৰ এই পুনঃব্যৱহাৰৰ প্ৰত্যাহ্বান দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ প্ৰথমটো আছিল প্ৰ’ট’টাইপ বিল্ড ট্ৰেক ৷ ইয়াৰ লগত চন্দ্ৰৰ পৃষ্ঠত কঠিন আৱৰ্জনা পুনঃব্যৱহাৰ বা পুনৰ ব্যৱহাৰৰ বাবে হাৰ্ডৱেৰ প্ৰস্তুত কৰাটো জড়িত হৈ থাকে ৷ দ্বিতীয় পৰ্যায় আছিল ডিজিটেল টুইন ৷ প্ৰতিযোগীসকলে এনে এটা ব্যৱস্থাৰ ভাৰ্চুৱেল মডেল ডিজাইন কৰিব যিয়ে কঠিন আৱৰ্জনা পুনঃব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ পৰা একাধিক সামগ্ৰী নিৰ্মাণ কৰিব পাৰে ৷ এই প্ৰতিযোগিতাৰ বিজয়ী ব্যক্তিক ব্যক্তি বা দলক ২৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷

এই লুনা ৰিচাইকেল চেলেঞ্জে মহাকাশচাৰী আৰু পৃথিৱী উভয়কে উপকৃত কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে আৱৰ্জনা ব্যৱস্থাপনাৰ সমস্যা সমাধানত সহায় হোৱাই নহয় সম্পদৰ সঠিক ব্যৱহাৰৰ উপায়ো শিকোৱা হ’ব ৷

  • Brahmaputra Times

    Related Posts

    ড’নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ…

    বিশ্বৰ শক্তিধৰ দেশ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। দ্বিতীয়টো কাৰ্যকালৰ বাবে হোৱাইট হাউছৰ বাসিন্দা হ’ব ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে…

    বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ কোন কোন টেষ্ট চেম্পিয়নশ্বিপৰ দাবীদাৰ…

    ১১ জুন, ২০২৫ৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। এই চেম্পিয়নশ্বিপ কাৰ কাৰ মাজত অনুষ্ঠিত হ’ব তাক লৈ ইতিমধ্যে ব্যাপক  চৰ্চা আৰম্ভ হৈছে। মূল যুঁজখন অব্যাহত আছে ভাৰত, দক্ষিণ আফ্ৰিকা,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা