উত্তৰ-পূবত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্দৰ্ভত দিল্লীত খাতিয়ান ল’লে গাডকাৰীয়ে…

মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কামৰ খতিয়ান ল’বলৈ নতুন দিল্লীত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ অধ্যক্ষতাত বাণিজ্য ভৱনত অনুষ্ঠিত বৈঠকত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে প্ৰতিনিধি উপস্থিত থাকে।

উল্লেখযোগ্য যে সময় মতে এই পথবোৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে এই অঞ্চলবোৰ বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। সেয়েহে এই পৰ্যালোচনা বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বৈঠকত অৰুণাচলত নিৰ্মীয়মাণ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ ৪২৩ কি .মি. পথৰ সন্দৰ্ভত অগ্ৰগতিৰ বুজ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও মণিপুৰৰ ৭০৮ কি.মি, ত্ৰিপুৰাৰ ৩৪০ কি.মি. নিৰ্মীয়মাণ পথৰ কামৰ অগ্ৰগতি সন্দৰ্ভত এই বৈঠকত আলোচনা হ’ব। এই বৈঠকত অসমৰো নিৰ্মীয়মাণ ঘাইপথৰ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে উক্ত বৈঠকত উত্তৰ-পূবৰ আন আন ৰাজ্যৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ দিলীপ শইকীয়াই অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ কিছু গুৰুত্বপূর্ণ প্ৰকল্পৰ কাম ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক বিশেষভাৱে অনুৰোধ জনায়।

  • যোৰহাট-ডিব্ৰুগড় ঘাইপথ সোনকালে সম্পূৰ্ণকৰণ।
  • কাজিৰঙা এলিভেটেড কৰিড’ৰ : এলাইনমেণ্ট অনুমোদন।
  • ব্ৰহ্মপুত্ৰৰ তলেৰে গহপুৰ-নুমলীগড় সুৰংগ : ডি পি আৰ সম্পূৰ্ণ হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত।
  • বাইহাটা চাৰিআলি- তেজপুৰ ঘাইপথ সম্প্রসাৰিত ৪ লেনযুক্তকৰণ।
  • কমলাবাৰী আৰু নিমাতী ঘাট সংযোগী মাজুলী দলঙৰ পুনৰ নিবিদা।

ইফালে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- যোৰহাট-ডিব্ৰুগড় ঘাইপথ সোনকালে সম্পূৰ্ণকৰণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ লগত আমি আটায়ে খৰচি মাৰি আলোচনা কৰিছো। আমাৰ এই আলোচনাকালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছিল।

এই আলোচনাত ভাৰত চৰকাৰৰ সংস্থা এন এইছ আই ডি চি এলে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হাতত লৈছে। এই কামত যিসকল নিয়োজিত ঠিকাদাৰ, বিষয়া আৰু অসম চৰকাৰৰ মুখ্য সচিব আজিৰ এই আলোচনাত উপস্থিত থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

এই আলোচনাত সকলো পক্ষৰ পৰা আশ্বাস লাভ কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকযোগে জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে কামৰ অগ্ৰগতি লেহেমিয়া হোৱাৰ কথাও তেঁও অকপটে স্বীকাৰ কৰে।

উজনি অসমত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমিয়া হোৱা বুলি তেঁও দোহাৰে। লগতে কয় যে এতিয়া যিহেতু বৰষুণ নাই গতিকে ক্ষীপ্ৰতাৰে কাম পুনৰাম্ভ কৰা হ’ব বুলি ব্যক্ত কৰে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…