সংবাদমেলত পত্নীৰ কেন্সাৰ ৰোগ প্ৰতিৰোধক খাদ্য সম্পৰ্কে মন্তব্য কৰি বিপদ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। জানিব পৰা মতে ছত্তিশগড় অসামৰিক সমাজে সিদ্ধুৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে। সেই মৰ্মে বৃহস্পতিবাৰে ন্যায়ালয়ে সিদ্ধুলৈ প্ৰৰেণ কৰিছে এক আইনী জাননী।
জাননীত উল্লেখ কৰিছে যে নৱজ্যোৎ সিং সিদ্ধুৱে পত্নীৰ কেন্সাৰ ৰোগৰ চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ অহা ৭ দিনৰ ভিতৰত জমা দিব লাগিব। যদিহে এই আহ্বানৰ প্ৰতি সিদ্ধুৱে কোনো ভ্ৰূক্ষেপ নকৰে অথবা সঁহাৰি নিদিয়ে, তেন্তে তেওঁ ৮৫০ কোটি টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সিদ্ধুৰ পত্নী সম্প্ৰতি কেন্সাৰ ৰোগত আক্ৰান্ত। সংবাদমেলত সিদ্ধুৱে দিয়া ভাষ্য অনুসৰি তেওঁৰ পত্নী এতিয়া এই ৰোগৰ চতুৰ্থ স্তৰত উপনীত হৈছে। এই সময়খিনি এনে এগৰাকী ৰোগীৰ বাবে বৰ জটিল আৰু বেদনাদায়ক সময়।
কিন্তু এই পৰিস্থিতিতো তেঁওৰ পত্নীয়ে ঘৰুৱা তথা থলুৱা খাদ্যগ্ৰহণ কৰি মাত্ৰ ৪০ দিনতে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা বুলি দাবী কৰে। তেঁওৰ এই বক্তব্যৰ পাছতে দেশৰ চিকিৎসা তথা চিকিৎসক সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।