সঞ্জয় কিষাণ-তপন কুমাৰ গগৈক নতুন দায়িত্ব প্ৰদান…

মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণ আৰু প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ। বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে । আনহাতে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈকো নতুন দায়িত্ব অৰ্পণ কৰা হৈছে।

লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈৰ হাতত পৰাস্ত হোৱা তপন কুমাৰ গগৈক অৰ্পণ কৰা হৈছে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ (এ আই ডি চি) অধ্যক্ষৰ দায়িত্ব । পূৰ্বে এই দায়িত্বত আছিল আজি মন্ত্ৰী হিচাপে শপত লোৱা প্ৰশান্ত ফুকন । উল্লেখ্য যে অসম মন্ত্ৰীসভাত চাহ জনজাতি উন্নয়ন আৰু শ্ৰম-নিয়োগ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি অহা সঞ্জয় কিষাণে বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰিছিল।

অসম মন্ত্ৰীসভাত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা সঞ্জয় কিষাণে মন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতে তেওঁৰ স্থানত মন্ত্ৰিত্ব দিয়া হয় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক । শনিবাৰে ৰূপেশ গোৱালাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সঞ্জয় কিষাণৰ পাছত অসম মন্ত্ৰীসভাত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ বাবে ৰূপেশ গোৱালাক সুযোগ দিয়া হৈছে । অৱশ্যে মন্ত্ৰিত্ব হেৰুওৱাৰ লগে লগে সঞ্জয় কিষাণক আন এক গুৰু দায়িত্ব দিয়া হয় ।

সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় শনিবাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে নতুন দায়িত্বৰ বাবে সঞ্জয় কিষাণক শুভেচ্ছা জ্ঞাপন কৰি কয় – “ৰাজ্যবাসীলৈ আগবঢ়োৱা আপোনাৰ সততা আৰু নিষ্ঠাৱান সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এগৰাকী সন্মানীয় মন্ত্ৰী হিচাপে আপোনাৰ কাৰ্যকাল বহু ফলপ্ৰসূ সময়ৰ সাক্ষী ৷ আগন্তুক সময়ত জনসেৱাৰ যাত্ৰা নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকক, আমাৰ অন্তৰভৰা শুভেচ্ছা জ্ঞাপনৰ লগতে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ হিচাপে আপোনাৰ নতুন ভূমিকাৰ বাবেও অভিনন্দন জনাইছো ।”

ইফালে বিগত লোকসভা নিৰ্বাচনত পৰাজিত হোৱা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক কেবিনেট মৰ্যাদাসহকাৰে আজি ৰাজ্য চৰকাৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ (এ আই ডি চি) অধ্যক্ষৰ দায়িত্ব দিছে ।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে