অৱশেষত সম্প্ৰসাৰণ ঘটিল মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ । চাৰিগৰাকীকৈ বিধায়ক অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হ’ল । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শনিবাৰে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিগৰাকী বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে ।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই চাৰিগৰাকী বিধায়কক মন্ত্রী হিচাপে কৰ্তব্য-নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় । শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক মন্ত্রী আৰু বিধায়ক উপস্থিত থাকে ।
চাৰিগৰাকী বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ মন্ত্রীৰ সংখ্যা মুখ্যমন্ত্রীকে ধৰি ১৮ গৰাকীলৈ বৃদ্ধি পালে । লক্ষণীয় বিষয় যে বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে চাৰিগৰাকী নতুন মন্ত্রীৰ নাম ঘোষণা কৰাৰ পূৰ্বে মন্ত্রী সঞ্জয় কিষাণে মন্ত্রীপদ ত্যাগ কৰিছিল । যাৰ ফলত মন্ত্রীসভাৰ সংখ্যা ১৫ গৰাকীৰ পৰা ১৪ গৰাকীলৈ হ্ৰাস পাইছিল ।
শনিবাৰে চাৰিগৰাকীয়ে শপতগ্ৰহণ কৰাত মন্ত্রীৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পায় । ইয়াৰ লগে লগে অসম মন্ত্রীসভাই পূৰ্ণতা লাভ কৰিলে । মুখ্য সচিব ড৹ ৰবি কোটাই আঁতধৰা অনুষ্ঠানটোত প্ৰশান্ত ফুকনে অসমীয়াত শপত বাক্য পাঠ কৰে । কৌশিক ৰায়ে হিন্দীত শপত বাক্য পাঠ কৰে । কৃষ্ণেন্দু পালে বাংলাত শপত বাক্য পাঠ কৰে । আনহাতে ৰূপেশ গোৱালাই অসমীয়াত শপত বাক্য পাঠ কৰে ।