গুৱাহাটীত আদিবাসী কল্যাণ-উন্নয়ন পৰিষদৰ প্রশাসনিক কার্যালয় মুকলি

অসমৰ আদিবাসীৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠনসমূহে অসমৰ চৰকাৰৰ তত্বাৱধানত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবালানি আলোচনা কৰি শান্তি চুক্তি কৰিছিল৷ মূলসুঁতিলৈ উভতি অহা বিদ্ৰোহী সংগঠনসমূহক লৈ ৰাজ্য চৰকাৰে গঠন কৰিছিল আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ৷ পিছপৰা, সদা লাঞ্চিত-বঞ্চিত আদিবাসী জনগোষ্ঠীৰ সাধাৰণ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত গঠিত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদে নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে৷ চৰকাৰে পৰিষদক পুঁজি আৱণ্টন দি আঁচনি ৰূপায়নৰ দিশে আগবঢ়াৰ সময়তে আজি গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ প্রশাসনিক কার্যালয় মুকলি কৰা হয়৷ লগতে আজি পৰিষদখনৰ এটা ৱেবছাইট মুকলি কৰা হয়। মহানগৰীৰ পাঞ্জাবাৰীৰ ৰদালী পথত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ প্রশাসনিক কার্যালয় তথা উপ-মুখ্য কাৰ্যবাহী সদস্যৰ কাৰ্যালয় আজি মুকলি কৰা হয়৷ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা কাৰ্যালয়টো মুকলি কৰে পৰিষদৰ উপ-কাৰ্যবাহী পিটাৰ দাঙে৷ কার্যালয়টো মুকলি কৰি দাঙে নতুনকৈ মুকলি কৰা ভৱনটোৰ পৰা আদিবাসী লোকসকলৰ কল্যাণৰ কাম-কাজে নতুন গতি পাব বুলি কয়৷ উপ-কাৰ্যবাহী সদস্য পিটাৰ দাঙে আদিবাসী লোকসকলৰ কল্যাণৰ বাবে কাম-কাজসমূহক পাৰদৰ্শি কৰিবলৈ ডিজিটেইলাইচেন কৰাৰ বাবে চিন্তা কৰা হৈছে বুলিও কয়৷ অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী দ্বিপেন নায়কসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…