
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘ফ্লাড জেহাদ’ৰ কথা কৈ মেঘালয়ৰ ইউএছটিএম নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সয়মতে বিশিষ্ট কবি নীলিম কুমাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আজি ৰাজ্যপালক বিশেষ পত্ৰ প্ৰদান কৰি সাম্প্ৰদায়িক কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাইছে। জানিব পৰা মতে, ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰাত বিশেষ কাৰ্যসূচীত উপস্থিত থাকি এই আহ্বান জনাই কবিগৰাকীয়ে।
ফেচবুকত দিয়া এটা পোষ্টত কবি নীলিম কুমাৰে কয় যে ”আজি অসমৰ নতুন ৰাজ্যপাল শ্ৰী লক্ষ্মী প্ৰসাদ আচাৰ্যৰ আমন্ত্ৰণ ক্ৰমে শংকৰদেৱ কলাক্ষেত্ৰত পতা ৭৮ তম স্বাধীনতা দিৱসৰ চাহ-মেল অনুষ্ঠানলৈ গৈছিলো৷ তেখেতৰ লগত চিনাকিৰ মুহূৰ্তত মই তেওঁক এখন পত্ৰ দিছিলো৷ তাত মই তেওঁক অনুৰোধ কৰিছিলো চৰকাৰ, কোনো ৰাজনৈতিক দল বা কোনো আনুষ্ঠান আদিয়ে কোনো সাম্প্ৰদায়িক কাৰ্য্যকলাপ কৰিলে বা বিবৃতি আদি প্ৰদান কৰিলে আপুনি যেন তাত গভীৰ ভাবে হস্তক্ষেপ কৰে৷ আজিৰ এয়া মোৰ নৈতিক দায়িত্ব বুলি অনুভৱ কৰিলোঁ৷’’