চুমি বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ

ৰাজ্যজুৰি ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত চলি থকা তীব্র চৰ্চাৰ মাজতে এইবাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে।

আজি ৰঙিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ অভিনেত্ৰী গৰাকীয়ে কয় যে এনেকুৱা ঘটনা আজিৰ নহয়। আমি আগতে এনেকুৱা ঘটনা শুনিছোঁ। কোনোবাই ইমান কোটি টকা লৈ পলাল।

তেওঁ কয়, ‘মই ভাবোঁ আমাৰ দায়িত্ব আমি নিজে দায়িত্বশীল হোৱাটো খুব দৰকাৰী। নিজৰ সাচতীয়া ধনখিনি কাৰোবাক নজনাকৈ আগবঢ়াই দিয়াটো আমাৰ ভুল। ক’ভিডৰ পিছত অপৰাধবোৰ বাঢ়িছে। নিজেও জানো লগতে আমাৰ মা-দেউতাহঁতে আমাক কয়, নিজৰ সাঁচতীয়া ধনখিনি গোটালে LIC কৰক, SIP কেইটামান কৰক, সেইকেইটাই সুবিধা দিব। সেই কেইটাৰ দ্বাৰা আমাৰ টোপনি নিশ্চয় ভাল আহিব, শান্তিত আমি টোপনি যাওঁ। ‘

ইফালে যিখিনিয়ে এতিয়া ট্ৰেডিঙত ধন বিনিয়োগ কৰিছে। যিয়ে নহওঁক তেওঁলোকে কষ্টৰ ধন বিনিয়োগ কৰিছে। তেওঁলোকে মানসিকভাৱে ভাগি পৰিছে। মানসিক ভাৱে তেওঁলোক কষ্টত আছে। তাৰ দ্বাৰা আমি শিক্ষা লোৱা দৰকাৰ। এনেকে নিজৰ ধনখিনি আগবঢ়ায় দিয়াৰ আগতে দহবাৰ ভবাটো দৰকাৰ বুলিও মন্তব্য কৰে।

আনহাতে তেওঁ লগতে কয়, ‘quick money লৈ আচলতে একো লাভ নাই। লোভেই পাপ, quick money ৰ লোভত পৰি আমি এনেকুৱা কাম কৰোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত এনেধৰণৰ ঘটনা বিলাক ঘটে।’

Related Posts

গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…