অসমৰ বাবে নতুন নিয়ম; এতিয়াৰে পৰা আধাৰকাৰ্ডৰ বাবে লাগিব NRCৰ তথ্য

অসমত এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাবলৈ নতুন আবেদনকাৰীয়ে এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ দিব লাগিব। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ বাবে আবেদনকাৰীৰ সংখ্যা অধিক বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘অৰ্থাৎ একাংশ নাগৰিক সন্দেহ হ’ব পাৰে। গতিকে আমি সিদ্ধান্ত লৈছো যে নতুনকৈ আবেদনকাৰীয়ে তেওঁলোকৰ এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰ দিব লাগিব’।

সংবাদ মাধ্যমত দিয়া এক বিবৃতিত মুখ্যমন্ত্ৰীয়ে কয় যে এন আৰ চি প্ৰক্ৰিয়াৰ সময়ত ৯.৫৫ লাখ লোকৰ বায়’মেট্ৰিক তথ্য লিপিবদ্ধ কৰা হৈছে। এইসকল লোকক এন আৰ চিৰ আবেদনৰ ৰচিদ নম্বৰৰ প্ৰয়োজন নাই। এইসকল লোকক ৰচিদ নম্বৰ অবিহনে আধাৰ কাৰ্ড প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে এই সকলোবোৰ অবৈধভাৱে বসবাস কৰা বাংলাদেশী নাগৰিকক চিনাক্তকৰণৰ বাবে কৰা হৈছে। ৰাজ্যখনত বহু বাংলাদেশী নাগৰিকে বসবাস কৰি আছে। এতিয়া অসম চৰকাৰ ইয়াত অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিক আৰু বাংলাদেশী চিনাক্তকৰণত ব্যস্ত। এই সমগ্ৰ প্ৰক্ৰিয়াটো যোৱা কেইমাহমানত ক্ষিপ্ৰতাৰে কৰা হৈছে।

যোৱা দুমাহত এনে বহু লোকক আটক কৰি বাংলাদেশী কৰ্তৃপক্ষক গতাই দিয়া বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Related Posts

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ