

ডিজিটেল ডেস্কঃ ঘোষণা হ’ল ২০২৪ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীৰ নাম । ছুইডিছ একাডেমীয়ে এইবাৰ সাহিত্যৰ ন’বেলনোবেল বঁটা বিজয়ী হেন কাঙৰ জন্ম ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাংজু চহৰত হৈছিল । তেওঁ ৯ বছৰ বয়সতে পৰিয়ালৰ সৈতে ছিউললৈ প্ৰত্যাৱৰ্তন কৰিছিল ।
সাহিত্য চৰ্চাৰ লগত জড়িত এটা পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে । তেওঁৰ পিতৃ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক । ন’বেল বঁটা ঘোষণাৰ সময়ত কোৱা হৈছে, “লিখনিৰ লগতে কলা আৰু সংগীতৰ প্ৰতিও তেওঁ অৱদান আগবঢ়াইছে, যি তেওঁৰ সাহিত্যিক সমলত প্ৰতিফলিত হৈছে ।”
বঁটা দক্ষিণ কোৰিয়াৰ লেখিকা হেন কাঙক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অভিনৱ কাব্যিক গদ্যৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে । তেওঁৰ জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত আছে ‘দ্য ভেজিটেৰিয়ান’, ‘দ্য হোৱাইট বুক’, ‘হিউমেন এক্টছ এণ্ড গ্ৰীক লেচনছ’ ।