কচুৱাত পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা এজনকঃ এজাহাৰ দাখিল

চিনেমাৰ কাইদাৰে পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা এজন গাড়ী চালকক। এই ঘটনা সংঘটিত  হৈছে নগাঁৱৰ কচুৱাত। জানিব পৰা মতে, কচুৱাৰ অন্তৰ্গত ৰমনী পথাৰৰ গাড়ী চালক লোকমান আলীক চফিকুল ইছলাম নামৰ এজন লোকে পেট্ৰ’ল ঢালি জুই জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

দেওবাৰে দিনৰ ভাগত কথাৰ কটা-কটি হোৱাত নিশা প্ৰায় ১১ বজাত লোকমান আলী নামৰ গাড়ী চালকজনে তিনিআলি বজাৰত গাড়ীৰ পৰা নমা মাত্ৰই চফিকুল ইছলামে লোকজনক পেট্ৰ’ল ঢালি দি গাত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। লগে লগে স্থানীয় লোকে লোকমান আলিক উদ্ধাৰ কৰে যদিও পেট্ৰ’লৰ জুইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকমান।

ইয়াৰ পিছতেই কচুৱা তিনিআলী বজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।পেট্ৰ’ল নিক্ষেপ কৰা ছফিকুলক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধায়। ঘটনাস্থলীত তৎক্ষণাত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমান লোকমান আলী গুৱাহাটী জিএমচিএইচ ত চিকিৎসাধীন।

এই ঘটনাৰ সন্দৰ্ভত লোকমানৰ পিতৃ আলী মিঞাই ছফিকুল ইছলামৰ বিৰুদ্ধে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কচুৱা তিনিআলী শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানৰ লগতে কচুৱা অঞ্চলৰ সচেতন মহলে দাবী জনাইছে ৷

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ