পঞ্চায়ত নিৰ্বাচন বিশেষঃ ২৭খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যৰ ২৭ খন জিলাত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা । ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা । চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ১,৮০,১৪,৯১৩ গৰাকী ভোটাৰৰ নাম ।

ইয়াৰ ভিতৰত ৯০,৬০,৬৪০জন পুৰুষ ভোটাৰ আৰু ৮৯,৫৩,৮৬৫ গৰাকী মহিলা ভোটাৰ । আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮ গৰাকী । ২৭ খন জিলাৰ ৩৯৭টা জিলা পৰিষদ, ১৮১খন আঞ্চলিক পঞ্চায়ত, ২,১৯২ খন গাঁও পঞ্চায়ত আৰু ২১,৯২০ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

ৰাজ্যৰ মুঠ ২৪,৮৮৪টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন । লক্ষণীয় বিষয় যে সীমা পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ৰূপত হ’ব পঞ্চায়ত নিৰ্বাচন । ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ কুচ-কাৱাজ । শাসক-বিৰোধী উভয়ে নিজা নিজা ৰণকৌশলৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ।

এইবাৰ নতুন চাৰিসীমাৰে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নির্বাচনত প্ৰথমবাৰৰ বাবে নাথাকিব দলীয় প্রতীকচিহ্ন । অৱশ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ত দলীয় প্রতীকচিহ্ন থাকিব ।

আনহাতে ই ভি এমৰ অভাৱত পূৰ্বৰ দৰেই এইবাৰো বেলট পেপাৰতে নির্বাচন অনুষ্ঠিত হ’ব । এইবাৰ আগৰ দৰে পঞ্চায়ত সভাপতিৰ পদৰ বাবে প্ৰত্যক্ষ নির্বাচন নহয় । গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্যই নির্বাচন কৰিব পঞ্চায়ত সভাপতিগৰাকীক । ইতিমধ্যে জিলাই জিলাই নতুন চাৰিসীমাৰে নতুন গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন কৰা হৈছে ।

নতুন প্ৰক্ৰিয়াৰে পঞ্চায়ত, জিলা পৰিষদ গঠন কৰাৰ ফলত ক’ৰবাত যদি পঞ্চায়ত বিলুপ্তি হৈছে আন ক’ৰবাত আকৌ নতুন পঞ্চায়ত সৃষ্টি হৈছে । ক’ৰবাত যদি জিলা পৰিষদ হ্ৰাস হৈছে, আন ক’ৰবাত ক’ৰবাত জিলা পৰিষদ বৃদ্ধি হৈছে । ইফালে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলক ব্যয়ৰ ক্ষেত্রত ৰাজ্যিক নির্বাচন আয়োগে যথেষ্ট সকাহ দিছে ।

কাৰণ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় সামগ্রী, যান-বাহনৰ ভাৰা পূৰ্বৰ তুলনাত বহু পৰিমাণে বৃদ্ধি হৈছে । যাৰ বাবে প্ৰাৰ্থীৰ ব্যয় ২০১২ চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনতকৈ যথেষ্ট ব্যয় বৃদ্ধি কৰিছে ৰাজ্যিক নির্বাচন আয়োগে ।বিগত ২০১২ চনত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ এজন প্ৰাৰ্থীৰ সৰ্বাধিক ব্যয় কৰাৰ সীমা আছিল ৪ লাখ টকা । ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুসৰি এইবাৰ এগৰাকী জিলা পৰিষদৰ সদস্যই সৰ্বাধিক ১০ লাখ টকা নির্বাচনী ব্যয় কৰিব পাৰিব ।

সেইদৰে সংশোধিত নির্বাচনী ব্যয় অনুসৰি আঞ্চলিক পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ২.৫ লাখ টকা ব্যয় কৰিব পাৰিব । আগৰ ব্যয়ৰ নিৰিখ আছিল ১ লাখ টকা । ইফালে গাঁও পঞ্চায়তৰ এজন সদস্যই আগতে সৰ্বাধিক ১০ হাজাৰ টকা নিৰ্বাচনী ব্যয় কৰিব পাৰিছিল । এইবাৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ২৫ হাজাৰ টকালৈ ।

 

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…