হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে বিজেপিয়েও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে।
কংগ্ৰেছ ভৱনত সংবাদ মাধ্যমৰ সন্মুখত সাংসদ পাপ্পু যাদৱে বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কয়, তেওঁৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিব । পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধমূলক ইতিহাস উদঙাই দি তেওঁ আলফাক ধন যোগান ধৰাৰ লগতে টাডাৰ অধীনত পঞ্জীয়ন হোৱা গোচৰত অভিযুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ।
কেৱল এয়াই নহয়, পাপ্পু যাদৱে হিমন্তক কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ উত্থাপন কৰি তেওঁৰ ঘৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ বাবে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলিও উল্লেখ কৰে। সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাই বিহাৰী সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁ যদি মুখ্যমন্ত্ৰী হ’লহেঁতেন তেন্তে সীমান্ততে তেওঁলোকক গ্ৰেপ্তাৰ কৰাই দিলেহেঁতেন ।
২০২০ চনত পিপিই কিট যোগানত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কথা উল্লেখ কৰি তেওঁ কয় যে নেপোটিজিমৰ বিৰোধিতা কৰাসকলৰ বাস্তৱতা কি সেয়া সকলোৱে জানিবলৈ আৰম্ভ কৰিছে । তেওঁ কয় যে সাৰদা কেলেংকাৰীত শৰ্মাৰ নাম আহিছিল আৰু তাৰ পিছত চি বি আইৰ অভিযান আৰম্ভ হৈছিল আৰু ২০১৪ চনত তেওঁকো ৪ ঘণ্টা ধৰি জেৰা কৰা হৈছিল ।