
ডিজিটেল ডেস্কঃ চলিত পেৰিছ অলিম্পিকত ইতিহাস ৰচিও নিৰাশ ভাৰতীয় মহিলা তাৰকা শ্বুুটাৰ মনু ভাকেৰ। ২০২৪ৰ অলিম্পিকত পদক অৰ্জনৰ হেট্ৰিক গঢ়াৰ সপোন যেন পূৰণ নহ’ল তাৰকা শ্বুটাৰগৰাকীৰ। শনিবাৰে অনুষ্ঠিত হোৱা ২৫ মিটাৰ স্প’ৰ্টছ পিষ্টল ইভেন্টৰ ফাইনেলত চতুৰ্থ স্থান দখল কৰাৰ পিছতে নিজৰ নিৰাশা ব্যক্ত কৰে মনু ভাকেৰে। অৱশ্যে এইবাৰলৈ তেওঁৰ তৃতীয়টো পদক লাভৰ সপোন পূৰণ নহ’লেও ২০২৮ চনত লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া ক্ৰীড়াৰ মহা আয়োজনত পদকৰ ৰং সলনি কৰাৰ লক্ষ্য বান্ধিছে তাৰকা শ্বুটাৰ গৰাকীয়ে।
শনিবাৰে খেলৰ পিছত মনু ভাকেৰে কয় যে ফাইনেলত তেওঁ অলপ নাৰ্ভাছ হৈছিল। ২২ বছৰীয়া এইগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত সৰবজোৎ সিঙৰ সৈতে দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
প্ৰতিযোগিতাৰ অন্তত মনু ভাকেৰে কয়, ‘সঁচাকৈয়ে মই নাৰ্ভাছ আছিলো, কিন্তু মই শান্ত হৈ থাকি যৎপৰোনাস্তি চেষ্টা কৰিছিলো, কিন্তু সেয়া যথেষ্ট নাছিল।’ প্ৰতিযোগিতাৰ শ্বুট অফত মনু ভাকেৰে ব্ৰঞ্জৰ পদক বিজয়ী হাংগেৰীৰ ভেৰ’নিকা মেজৰৰ হাতত পৰাস্ত হয়। মনুৱে কয়, ”এই অলিম্পিক গেমছ মোৰ বাবে অতি ভাল বুলি প্ৰমাণিত হ’ল যদিও মোৰ দৃষ্টি সদায় পৰৱৰ্তী গেমছৰ ওপৰত থাকিব।’’
অলিম্পিকত তৃতীয়টো পদক লাভত ব্যৰ্থ হৈ নিৰাশা ব্যক্ত কৰি ভাৰতীয় শ্বুটাৰ গৰাকীয়ে কয়, ‘মই দুটা পদক লাভ কৰাত অতি সুখী যদিও এই ইভেণ্টত মই ভাল প্ৰদৰ্শন কৰিব পৰা নাছিলো। চতুৰ্থ স্থান পোৱাটো বৰ ভাল প্ৰদৰ্শন নহয়।’ তেওঁ কয় যে তেওঁৰ পৰা বহু আশা কৰা হৈছিল যদিও ইয়াৰ দ্বাৰা তেওঁৰ একাগ্ৰতা ভাঙিব নিদিলে। তেওঁ কয়, ‘সঁচা কথা ক’বলৈ গ’লে মই ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰত আছো আৰু মই মোৰ ফোনটোও চেক কৰা নাছিলো। পৃথিৱীত কি ঘটি আছে মই নাজানিছিলো যদিও মই জানিছিলোঁ যে মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিছো। বেছিভাগ প্ৰতিযোগিতাতে ভাল প্ৰদৰ্শন কৰিছিলো যদিও এইখনত ভাল খেলিব পৰা নাছিলো। মোৰ খেল শেষ হোৱাৰ লগে লগে মই ভাবিলোঁ, এইবাৰ নহ’লেও পিছৰবাৰ সফল হ’মেই।’
মনুৱে কয়, ‘মই আৰু মোৰ দলটোৱে কঠোৰ পৰিশ্ৰম কৰিলোঁ যাতে মই প’ডিয়ামত উপনীত হ’ব পাৰো আৰু ভাৰতে এই পদক লাভ কৰিব পাৰে। গতিকে মই অতি সুখী যে মোৰ দলটোৱে গোটেই যাত্ৰাটো মোৰ লগত থাকিল।’ উল্লেখ্য যে চলিত অলিম্পিকত দুটাকৈ পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছে মনু ভাকেৰে। সমান্তৰালভাৱে অলিম্পিক গেমছত পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপেও তেওঁ গঢ়িছে ইতিহাস।