
ডিজিটেল ডেস্কঃ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছ ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। বিহালীৰ অন্তৰ্গত ৰাংচালি, তিনিসুতি আৰু হাতিবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হাজৰীকাই ৷ কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ বিহালীত বিজেপিয়ে সেনাপতি হিচাবে দায়িত্ব অৰ্পন কৰিছে মন্ত্ৰী হাজৰীকাক।
বিৰোধীয়ে বিহালীত বিজেপিৰ অৱস্থা যোৰহাটৰ দৰেই হ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, বিৰোধীয়ে সমগ্ৰ অসমত ১৪ টাৰ ৩ টা জিকিছিল আৰু আমি ১১ টা জিকিছিলো৷ কেইদিন মান আগত হাৰিয়ানাত জিকিম বুলি খানা ৰেডি কৰিছিল যদিও অৱশেষত মুখত চেঁচা পানী পৰিল ৷
নিৰ্বাচনত হৰা জিকা থাকেই ৷ যোৰহাটত ব্যস্ত থকাৰ বাবে মোৰ সমষ্টিত মই এদিন প্ৰচাৰ চলাইছিলো ৷ কিন্তু মোৰ সমষ্টিত বিজেপিয়ে ৭৭ হাজাৰ ভোটৰ ব্যৱধানত আগুৱাইছিল ৷
ক’ৰবাত ভাল হৈছে, ক’ৰবাত বেয়া হয় সেয়া থাকিবৈ ৷ কিন্তু এইবাৰ বিহালীত আমাৰ ভাল হ’ব ৷ আমাৰ নতুন ৰণ কৌশল একো নাই ৷ মানুহৰ লগত থকাটোৱেই আমাৰ ৰণ কৌশল ৷
ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটোৱেই আমাৰ ৰণ কৌশল ৷ আনহাতে চামগুৰিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চামগুৰিত এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলেই কৰে ৷
চামগুৰিত প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিবেশৰ সৃষ্টি কৰে ৷ চামগুৰিৰ দৰে পৰিবেশ বেলেগ সমষ্টিত হ’ব নালগে তাৰ বাবে মই অসমৰ ৰাইজক অনুৰোধ জনাম ৷
ৰকিবুল হুচেইনৰ সমষ্টিত নিৰ্বাচন আহিলে মাৰ-পিট হয়েই ৷ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত ২০১৬ চনত আক্ৰমন কৰিছিল৷ আক্ৰমন তেওঁলোকেই কৰে। এইবাৰ কেৱল বিজেপিৰ মানুহ অলপ তাত বৃদ্ধি পোৱাৰ বাবে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷
ইফালে আজি কাতি বিহু উপলক্ষে বিহালীত উপস্থিত হৈ হাতীবন্ধা গাঁৱত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই কাতি বিহু পালন কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীতো কাতি বিহুৰ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে।