আজি গুৱাহাটীত আন্তৰ্জাতিক দিব্যাংগ দিৱস উপলক্ষে আয়োজিত দুটাকৈ পৃথক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। প্ৰথমতে মন্ত্ৰী হাজৰীকাই ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীস্থ বিশেষভাৱে সক্ষম ব্যক্তিৰ দক্ষতা বিকাশ, পুনৰ্বাসন আৰু সবলীকৰণৰ সংযোজিত ক্ষেত্ৰীয় কেন্দ্ৰ (চি আৰ চি) ৰ উদ্যোগত আয়োজিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সকলোকে এই দিৱসৰ বাবে শুভকামনা জ্ঞাপন কৰে।
অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত প্ৰদান কৰা হোৱা বিভিন্ন সামগ্ৰী আনুষ্ঠানিকভাৱে তেওঁ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ দিব্যাংগ ব্যক্তিসকলৰ বাবে বহুখিনি ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে।পাছবেলা মন্ত্ৰীগৰাকীয়ে কলাক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ মুকলি সভা অনুষ্ঠানত উপস্থিত থাকে।
বিশেষভাৱে সক্ষম ব্যক্তিৰদ্বাৰা নিৰ্মিত সামগ্ৰীৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আপ্লুত হোৱা বুলি মন্তব্য প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা বুটলিবলৈ সক্ষম হোৱা বহুকেইগৰাকী দিব্যাংগ শিশু তথা ব্যক্তিক ৰাজ্য চৰকাৰৰ হৈ মানপত্ৰ আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে বিভাগৰ হৈ দিব্যাংগসকলৰ বাবে বিভিন্ন সঁজুলিও আজিৰ অনুষ্ঠানতে আগবঢ়ায়।
অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে, দিব্যাংগ ব্যক্তিসকল আমাৰ সমাজৰ অভিন্ন অংগ আৰু তেওঁলোকক পিছত থৈ আমি আমাৰ সমাজখনক কোনোমতেই আগবঢ়াই লৈ যাব নোৱাৰো। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ ব্যক্তিয়েই কিবা এক ধৰণৰ শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ থকা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰতিবন্ধকতা কিন্তু তেওঁলোকক সমাজৰ বাবে অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত হেঙাৰ হোৱা নাই।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত বৰ্তমানে ৰাজ্যখনত ৬ খনকৈ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে বিদ্যালয় চলি আছে।মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিৰ বাবে আশ্ৰয়গৃহ, চকু পৰীক্ষা তথা আন বহু ধৰণেৰে বৰ্তমানৰ চৰকাৰে দিব্যাংগসকলক সহায় কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে ৰাজ্যখনৰ প্ৰতিগৰাকী দিব্যাংগ ব্যক্তিয়েই ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ লাভ কৰি আছে বুলিও মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে।
চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত দিব্যাংগ ব্যক্তিসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰায় ৩ কোটি টকা মোকলাই দিয়া হৈছে বুলি মন্তব্য কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে যোগ্য ব্যক্তিসকলক ইয়াৰ অধীনত সুবিধা লবলৈ আহ্বান জনায় ।