খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বক্সবোৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা ৷

হয়, শেহতীয়াকৈ এই সন্দৰ্ভত অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ এই অধ্যয়নত প্ৰমাণিত হৈছে যে, স্তনৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত প্ৰায় ২০০ টা ৰাসায়নিক পদাৰ্থ খাদ্য পেকেজিঙৰ বক্স আৰু বিভিন্ন প্লাষ্টিকৰ বাচন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ৷

অধ্যয়নৰ সহ-লেখক জেন মুনকে উল্লেখ কৰা মতে, দৈনন্দিন জীৱনত বিপদজনক ৰাসায়নিক পদাৰ্থ হ্ৰাস কৰি কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়া অধিক মনোযোগৰ প্ৰয়োজন হৈছে ৷ এই অধ্যয়নটোয়ে প্ৰমাণ কৰে যে স্তনৰ কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো প্ৰতিহত কৰাৰ এক বৃহৎ সুযোগ আছে ৷

স্তনৰ কৰ্কট হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত ২.৩ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু বিশ্বব্যাপী ৬,৭০,০০০ মহিলাৰ মৃত্যু হৈছিল ৷ অধ্যয়নটোত গৱেষকসকলে খাদ্য সমগ্ৰীত ১৮৯ টা সম্ভাৱ্য স্তন কাৰ্চিনোজেন বিচাৰি পাইছিল, যাৰ ভিতৰত আছে প্লাষ্টিকৰ বক্সত থকা খাদ্যত ১৪৩ টা আৰু কাগজ বা বোৰ্ডৰ বক্সত থকা ৮৯ টা ৷

তদুপৰি, গৱেষকসকলে বিশ্বব্যাপী ৭৬ টা সন্দেহজনক স্তন কাৰ্চিনোজেনৰ সংস্পৰ্শলৈ অহাৰ প্ৰমাণো পাইছিল, যাৰ ৬১ টা প্লাষ্টিকৰ ৷ গৱেষকসকলৰ মতে, এইধৰণৰ সাম্ভাৱ্য স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিবলৈ নিজে সৰ্তক হোৱাটো খুবেই বেছি দৰকাৰী হৈ পৰিছে ৷

  • Related Posts

    সাৱধান! আপোনাৰো নখ কমোৰাৰ অভ্যাস আছে নেকি?

    নখে প্ৰতিগৰাকী মহিলাৰে সৌন্দৰ্য্য বৃদ্ধি কৰাত এটি বিশেষ ভূমিকা পালন কৰে, কিন্তু আপুনি জানেনে যে এই নখৰ ভিতৰত কিমান বিপদজনক বেক্টেৰিয়া আৰু ভেঁকুৰ লুকাই থাকে, যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ডাঙৰ…

    পূজা চাবলৈ যাঁওতে বেগত ৰাখক এইসমূহ সামগ্ৰী…

    ডিজিটেল ডেস্কঃ  মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…