ৰাজ্যৰ অনুসূচিত জাতিৰ নামত লিটন মিত্ৰ, সুবৰ্ণময় দে’ লুণ্ঠন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপ, ১৫ দিনৰ ভিতৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশ

ৰাজ্যখনৰ অনুসূচিত জাতিৰ উন্নয়নৰ নামত ব্যাপক লুণ্ঠন অব্যাহত আছে৷ এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এখন পত্ৰই স্পষ্ট কৰিছে৷ অসমৰ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰৰ ভিত্তিত অসমত সংঘটিত ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিছে৷ অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক বিবৃতি যোগে এই কথা জানিবলৈ দিয়ে৷
সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই বিবৃতি যোগে কয় যে অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰায় ১৪০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে৷ প্ৰায় ১৫ দিন পূৰ্বে ই-মেইল যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি আমি এই দুৰ্নীতিৰ কথা উল্লেখ কৰিছিলো৷ সেই স্মাৰক পত্ৰৰ ভিত্তিত প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে তদন্ত ঘোষণা কৰিছে৷ ২১ আগষ্টত প্ৰদান কৰা পত্ৰ যোগে ১৫ দিনৰ ভিতৰত তদন্ত তৰি ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে৷ অন্যথাই ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৩৮ৰ অধীনত ব্যৱস্থা লোৱাৰ কথা স্পষ্ট কৰিছে ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে৷

সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই বিবৃতি যোগে কয় ‘‘বিগত কেইটামান দিনৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদী, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কলাক আমি পৃথকে পৃথকে কেইবাখনো স্মাৰক পত্ৰ প্ৰদান কৰিছো৷ প্ৰথমে অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত সংঘটিত প্ৰায় ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্তৰ দাবী জনাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আমাৰ স্মাৰক পত্ৰক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে তদন্ত ঘোষণা কৰিছে। ইতিমধ্যে অসম চৰকাৰৰ মুখ্য সচিবক পত্ৰ প্ৰদান কৰি দুৰ্নীতিৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আমি এই বিবৃতি যোগে অসম চৰকাৰ তথা মুখ্য সচিবক এই দুৰ্নীতিৰ তদন্ত খৰতকীয়া কৰাৰ লগতে দুৰ্নীতিত জড়িত কোনো লোক যাতে সাৰি নাযায় তাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছো৷ ইয়াৰ লগতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত অসম চৰকাৰক তদন্ত সমিতি গঠন কৰাৰো আমি দাবী জনাইছো৷ শীঘ্ৰে দুৰ্নীতিত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কা আৰু নিবিদামতে নিৰ্ধাৰণ কৰা টকাৰ বিপৰীতে নিম্নমানৰ সামগ্ৰী বিতৰণ কৰা ঠিকাদাৰ নুপূৰ শ্বাহক গ্ৰেপ্তাৰ আৰু বাকী অনাদায় ধন বন্ধ কৰি ৰখাৰো দাবী জনাইছো৷’’

লগতে সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস কয় ‘‘আৰ্থিক স্বচ্ছতা নথকাৰ ফলত অসমৰ অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি নিম্নমানৰ৷ বহু পৰিয়ালে গোহালি সদৃশ আৱাসত আজি জীৱন কটাই আছে৷ ঘৰুৱা আচ-বাব, সামগ্ৰী অবিহনে দিন কটায়৷ আমাৰ দাবী আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী কিছু উন্নত কৰিবলৈ প্ৰায় ১৪০ কোটি টকা ব্যয়েৰে প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ আঁচনি গ্ৰহণ কৰিছিল৷ এই আঁচনিযোগে অসমৰ অনুসূচিত জাতিৰ লোকক একোটাকৈ টিভি আৰু পাকঘৰৰ সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিছিল৷ ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে এই আঁচনি যুগুত কৰিছিল৷ ঠিকা লাভ কৰিছিল ঠিকাদাৰ নুপূৰ শ্বাহে৷ ২০২২-২০২৩ বৰ্ষৰ ১৪০ কোটি টকা ঠিকাদাৰ নুপূৰ শ্বাহক ইতিমধ্যে মুকলি কৰি দিয়া হয়৷ কিন্তু এই আঁচনিয়ে মাথো কেইজনমান অনা-অনুসূচিত জাতিৰ লোককহে ধনী কৰিলে৷ আমাৰ সংগঠনে এই আঁচনিৰ নামত ১৪০ কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা প্ৰত্যক্ষ কৰিছো৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে নিবিদাৰ শেষত ঠিকাদাৰক ধন মুকলি কৰি দিয়াত কিছু হিতাধিকাৰীক সামগ্ৰী প্ৰদান কৰা হৈছে৷ হিতাধিকাৰীক টিভিৰ সৈতে একোখন প্লাষ্টিকৰ টেবুল আৰু সেই টিভি বহি চাবলৈ দুখনকৈ প্লাষ্টিকৰ চকী প্ৰদান কৰা হৈছে৷ প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৪০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ দিয়া হৈছে৷ কিন্তু নিবিদাত ঠিকাদাৰে প্ৰেচাৰ কুকাৰৰ দাম ৭ হাজাৰ টকা পৰ্যন্ত দেখুৱাইছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ ’’

আমি ভাৰত চৰকাৰ আৰু অনুসূচিত জাতি আয়োগৰ ওচৰত আন কেইটামান দাবী উত্থাপন কৰিছো৷

(১) অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ত দুৰ্নীতি-অনিয়ম এতিয়া সাধাৰণ কথা৷ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেয়ে কাৰ্যালয়ত প্ৰায় ২৫ বছৰ ধৰি চাকৰি কৰি আছে৷ বিভাগীয় মন্ত্ৰী, সঞ্চালকক হাতৰ মুঠিত ৰাখি ২৫ বছৰ ধৰি প্ৰতিগৰাকী বিভাগীয় মন্ত্ৰী, সঞ্চালকক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যালয়টোত লুণ্ঠন চলাইছে সুবৰ্ণময় দেয়ে৷ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৰ নেতৃত্বতে অনুসূচিত জাতিৰ হিতসাধনৰ পৰিৱৰ্তে লুণ্ঠন চলাবলৈ কিছু আঁচনি ৰূপায়ন কৰা হয়৷ যি আঁচনিৰ ধন লুটি আজি কোটি কোটি ঘটিছে সুবৰ্ণময় দেয়ে৷ নিবিদাৰ নিয়ন্ত্ৰণ তেওঁৰ হাতত৷ ঠিকাদাৰ তেওঁৰ হাতত৷ সমস্ত কাৰ্যালয় তেওঁৰ কব্জাত৷ এই কাৰ্যালয়টোৰ পৰা অনুসূচিত জাতিৰ পৰিৱৰ্তে সুবৰ্ণময় দে’ৰহে উন্নতি হোৱা দেখা গৈছে৷ তেওঁ আজি প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰগৰাকী বুলি চৰ্চা চলিছে৷ গুৱাহাটীত মাটি, কেইবা মহলীয়া অট্টালিকা নিৰ্মাণ কৰাৰ লগতে কেইবাঠাইত বিলাসী ফ্লেট ক্ৰয় কৰিছে৷ অভিযোগ পোৱা মতে, সুবৰ্ণময় দে’ৰ ঘৰত কোটি কোটি নগদ ধন জমা কৰি ৰখা হয়৷ সেয়েহে আমি শীঘ্ৰে তেওঁৰ ঘৰ আৰু আন প্ৰতিষ্ঠানত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ, নাইবা অসম চৰকাৰৰ চিআইডিৰ দ্বাৰা অভিযান চলোৱাৰ নিৰ্দেশ দিবলৈ দাবী জনাইছো৷ আয়তকৈ তেওঁৰ সম্পত্তি অত্যাধিক৷ সেয়েহে দুৰ্নীতিসম্ৰাটৰ আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ অসম চৰকাৰকো দাবী জনাই আহিছো৷ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দে’ৰ সৈতে লুণ্ঠনৰ সহযোগী হৈছে প্লানিং অফিচাৰ লিটন মিত্ৰ৷ ৮ বছৰে প্লানিং অফিচাৰৰ চকীত বহি থকা লিটন মিত্ৰক বদলি কৰা হৈছিল যদিও ন্যায়ালয়ৰ কাষ চাপি পিতৃৰ ৰোগৰ অচিলাৰে বদলি স্থগিত কৰিছিল৷ প্ৰকৃততে পিতৃৰ ৰোগ এক অজুহাতহে আছিল৷ উদ্দেশ্যে হৈছে কাৰ্যালয়টোত থাকি লুণ্ঠনৰাজ চলোৱা৷ একেটা কাৰ্যালয়ত এখন চকীত তিনিবছৰ থাকিব নোৱাৰা লিটন মিত্ৰই ৮ বছৰে বহি আছে কেনেকৈ? বছৰৰ পাছত বছৰ ধৰি একেটা কাৰ্যালয়ত একেখন চকীতে বহি লিটন মিত্ৰ আৰু সুবৰ্ণময় দে’ই সহজ-সৰল অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে অহা কোটি কোটি টকাৰ লুটৰাজ চলাই গৈছে৷ আমাৰ সংগঠনে শীঘ্ৰে বিষয়া লিটন মিত্ৰ আৰু সুবৰ্ণময় দে’ৰ বিৰুদ্ধে তদন্ত বিচাৰিছো আৰু অন্য কাৰ্যালয়লৈ শাস্তিমূলক বদলিৰ দাবী উত্থাপন কৰিছো৷

(২) অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ে ৰূপায়ন কৰা আঁচনিসমূহৰ ঠিকা অনুসূচিত জাতিৰ লোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ অনুসূচিত জাতিৰ ঠিকাদাৰ থকাৰ পাছতো ঠিকা লাভৰ পৰা বঞ্চিত কৰা হয়৷ অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ক দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ কবলৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰি ১০০ শতাংশ অনুসূচিত জাতিৰ ঠিকাদাৰক ঠিকা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

(৩) ৰাজ্য চৰকাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ চাংপুল, নগাঁও জিলাৰ দৰ্শন ফিল্ড আৰু বঢ়মপুৰত মিনি ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত লৈছিল যদিও স্থান নিৰ্ধাৰণত অনিয়ম সংঘটিত কৰিছে৷ ষ্টেডিয়ামকেইখন ৪০ শতাংশ অনুসূচিত জাতিৰ লোক বসতি কৰা এলেকাত নিৰ্মাণ হ’ব লাগে৷ কিন্তু নিৰ্মাণ হ’বলগীয়া এলেকাত ৫ শতাংশও অনুসূচিত জাতিৰ লোক নাই। নিৰ্ধাৰিত ঠাই বাতিল কৰি ৪০ শতাংশ অনুসূচিত জাতিৰ লোক বসতি কৰা ঠাইত ষ্টেডিয়াম নিৰ্মাণ হ’ব লাগে৷

(৪) কেন্দ্ৰীয় চৰকাৰে ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষত অসমৰ অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল৷ কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লাভ নকৰিলে৷ দুষ্ট চক্ৰই কোটি কোটি টকা ভুৱা তথ্যৰে সৰকাই নিয়ে৷ এই কুকীৰ্তিত জড়িত ব্যক্তিবিশেষ আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে চিবিআই তদন্ত ঘোষণা কৰা হওঁক৷ চৰকাৰে মুকলি কৰি দিয়া টকা উদ্ধাৰ কৰি পুনৰ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰক৷

(৫) ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্তীয় আৰু উন্নয়ন নিগমৰ অধীনত অনুসূচিত জাতি উন্নয়ন নিগম বাহাল কৰা হওক৷ নিগমৰ খালী পদসমূহৰ লগতে বেকলগ পদসমূহ পূৰণ কৰক৷

(৫) অনা-অনুসূচিত জাতিৰ একাংশ লোকে অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাৰ পেটত গোৰ মাৰি আহিছে৷ অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ সংৰক্ষণ কব্জা কৰি আহিছে৷ অসমত কেইবা শ লোকে অনুসূচিত জাতিৰ লোক নোহোৱাৰ পাছতো অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি, শিক্ষা আদি গ্ৰহণ কৰি আছে৷ অবৈধ চাকৰিয়ালসকলক চিনাক্ত কৰিবলৈ ন্যায়িক তদন্ত সমিতি গঠন কৰা হওক৷ এই ক্ষেত্ৰত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে তথ্যসহ সহযোগ কৰিব৷ ভুৱা চাকৰিয়ালক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে সেই পদত পুনৰ অনুসূচিত জাতিৰ লোকক মকৰল কৰাৰ ব্যৱস্থা কৰক৷

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ