বড়োলেণ্ডবাসীৰ বাবে নৱবৰ্ষৰ উপহাৰ ‘ভিজন ডকুমেণ্ট’: প্ৰমোদ বড়ো

বড়োলেণ্ড অঞ্চলৰ শান্তি, অখণ্ডতা আৰু প্ৰগতিৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে (বি টি চি) এক পুংখানুপুংখ ভিজন ডকুমেণ্ট প্ৰকাশ কৰিছে ।

বি টি চি অঞ্চলত বাস কৰা 26 টা থলুৱা আৰু জনজাতীয় সম্প্ৰদায়ৰ ভাষা, সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত আৰু সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে এক ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছে । বি টি চিৰ মুৰব্বী তথা এন ডি এৰ সহযোগী দল ইউনাইটেড পিপ’লছ পাৰ্টী লিবাৰেল (ইউ পি পি এল)ৰ সভাপতি প্ৰমোদ বড়োৱে কয়, “ভিজন ডকুমেণ্ট হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বি টি আৰ) চৰকাৰৰ এটা সপোনৰ প্ৰকল্প ।”

এ এন আইৰ সৈতে বাৰ্তালাপত বিটিচিৰ মুৰব্বী তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে কয়, “এই বছৰৰ শেষৰ ফালে আমি নতুন বছৰৰ উপহাৰ হিচাপে এই ভিজন ডকুমেণ্টৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বি টি আৰ)ৰ লোকসকলক কিবা এটা দিবলৈ গৈ আছোঁ । আমি কেৱল তেওঁলোকৰ পৰাহে এই ভিজন ডকুমেণ্ট সংগ্ৰহ কৰিছো, যিসকলে পূৰ্বৰ সময়ছোৱাত বহু স্মাৰক-পত্ৰ দাখিল কৰিছিল । আমি কিছুমান সৰু সৰু গোটো গঠন কৰিছিলো আৰু এই গোটবোৰ নিৰ্দিষ্ট সম্প্ৰদায়বোৰৰ মাজলৈ গৈছিল আৰু বিভিন্ন পৰ্যায়ত তেওঁলোকৰ সাক্ষাৎকাৰ লৈ তেওঁলোকৰ সমস্যাবোৰ সংগ্ৰহ কৰিছিল । ইয়াৰ ভিতৰত আছে মহিলা, কৃষক, শিক্ষক আৰু যুৱক-যুৱতী ।”

“এই গোটবোৰে বিভিন্ন সংগঠন আৰু সম্প্ৰদায়ৰ নেতাসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল । বিশেষজ্ঞ গোটে এই ভিজন ডকুমেণ্টখন ডিজাইন কৰিছে আৰু চৰকাৰে ইয়াৰ সমৰ্থন আগবঢ়াইছে । যিবোৰ সমস্যা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পৰ্যায়ত সমাধান কৰিব নোৱাৰি; সেই বিষয়বোৰ ৰাজ্য আৰু কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব ।” তেওঁ লগতে কয় ।

প্ৰমোদ বড়োৱে লগতে কয় যে বিশেষজ্ঞ সমিতিয়ে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ ২৬ টা সম্প্ৰদায়ৰ বাবে এই ভিজন ডকুমেণ্টখন প্ৰস্তুত কৰিছে ।

“এই ভিজন ডকুমেণ্টত বিশেষজ্ঞ সমিতিয়ে উক্ত সম্প্ৰদায়বোৰৰ সকলো সমস্যা আৰু কাৰকবোৰ বিচাৰি উলিয়াইছে । কিছু লোকে তেওঁলোকৰ ভাষা আৰু সংস্কৃতি, পৰম্পৰা আৰু পৰিচয় সুৰক্ষিত কৰিব বিচাৰে; কিছুমানে তেওঁলোকৰ ভূমি সুৰক্ষিত কৰিব বিচাৰে, তেওঁলোকৰ ভূমিৰ অধিকাৰ উপভোগ কৰিব বিচাৰে আৰু শিক্ষা আৰু অৰ্থনৈতিক দিশত বিকাশ কৰিব বিচাৰে । এইবোৰ ভিজন ডকুমেণ্টত লিখা হৈছে । কিছু লোকে তেওঁলোকৰ সম্প্ৰদায়ৰ স্বীকৃতি আৰু অধিসূচনা বিচাৰে, কিয়নো সাংবিধানিক গাঁথনিত তেওঁলোকৰ কোনো স্বীকৃতি নাই ।” প্ৰমোদ বড়োৱে এ এন আইক কয় ।

বি টি চি প্ৰধানজনে লগতে কয়, “সৰ্বাধিক লোকে মানুহৰ মাজত শান্তি আৰু অখণ্ডতা বিচাৰে । কিয়নো বড়োলেণ্ডত বিগত কেইবা দশকত সম্প্ৰদায়সমূহৰ মাজত সংঘৰ্ষ হৈছে । সেয়েহে তেনেধৰণৰ পৰিস্থিতি বড়োলেণ্ড অঞ্চলৰ পৰা স্থায়ীভাৱে আঁতৰ কৰিব লাগে ।”

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…