জুবিনে গান ভালকৈ গালে বুলিয়ে, তেওঁৰ কথা বেদৰ বাক্য হৈ যাব নেকি: প্ৰশান্ত ফুকন

জুবিন কোন হয় ভাই?  জুবিনে দুটামান গান ভালকৈ গালে বুলিয়ে, তেওঁৰ মুখেৰে কোৱা কথা বেদৰ বাক্য হৈ যাব নেকি?  শেহতীয়াকৈ অসমীয়া ভাষাক লৈ কৰা মন্তব্যৰ বাবে বিৰ্তকত সোমাই পৰা জুবিন গাৰ্গক এনেদৰেই উভতি ধৰিলে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে।

সংবাদমাধ্যমৰ আগত প্ৰশান্ত ফুকনে জুবিনৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয়- জুবিনে কোৱা সকলো কথাই বেদ বাক্য নহয়। জুবিনে গানহে ভাল গায়, সকলো কথাতে জুবিনে কোৱা কথা শুদ্ধ আৰু সত্য নহয়। জুবিনৰ কথাত কোনো মেতেৰিয়েল নাই। জুবিনৰ লিভাৰ বেলেগ বেলেগ ঠাইত থাকে নেকি বুলিও প্ৰশ্ন কৰে বিজেপিৰ বিধায়কগৰাকীয়ে।

ইফালে দীঘলীপুখুৰীৰ গছ কটাক লৈ অব্যাহত ৰখা প্ৰতিবাদক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী মহোদয়ে গছ নাকাটো বুলি আশ্বাস দিয়াৰ পাছতো কিয় প্ৰতিবাদ কৰি আছে সেই কথা আমি বুজি পোৱা নাই। এই প্ৰতিবাদত ৰাজনীতি জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰে প্ৰশান্ত ফুকনে।

উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গে অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিক লৈ কৈছিল যে, দেশৰ কেৱল এটাই ধ্ৰুপদী ভাষা আছে। সেয়া হৈছে সংস্কৃত। অসমীয়াৰ ভাষাৰ বয়স মাত্ৰ ২০০বছৰ।‘  জুবিনৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বিজ্ঞজনে জুবিনৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিছিল।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ