শংকৰী সংস্কৃতিৰ পীঠস্থান বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ নামত বৃহৎ কেলেংকাৰী, লগালে মামৰে ধৰা টিনপাত

ৰাজ্যত হিন্দুত্ববাদী চৰকাৰ এখন চলি থকাৰ সময়তে শংকৰী সংস্কৃতিৰ পীঠস্থান স্বৰূপ নামনি অসমৰ বৰপেটা সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ কেলেংকাৰী সংঘটিত অভিযোগ উত্থাপন হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে মুকলি কৰি দিয়া ধন চৰকাৰী অভিযন্তা, বিষয়া আৰু একাংশ সমাজকৰ্মীয়ে লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে৷ প্ৰায় ১ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ মাজতে আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস এখন সংবাদমেল সম্বোধন কৰি গড়কাপ্তানি বিভাগ আৰু প্ৰশাসনে গঠন কৰি দিয়া সমিতিক লৈ গুৰুতৰ অভিযোগ আনিছে৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচিত ড০ বাবুল চন্দ্ৰ দাস টীনপাত লগোৱাৰ নামত সংঘটিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ লগতে ১ কোটি টকা ব্যয় কৰি লগোৱা টিনপাত ছমাহ নৌহওতেই মামৰে ধৰা বুলি আজি অভিযোগ আনিছে৷ ড০ বাবুল চন্দ্ৰ দাস মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ কীৰ্তনঘৰক টিনপাত লগাবলৈ দিয়া ১ কোটি টকা দিয়াত যিটো সমিতি গঠন কৰা হৈছিল তাৰ বৈধতাক লৈ সন্দেহ প্ৰকাশ কৰিছে৷ ড০ বাবুল চন্দ্ৰ দাসে কয় যে আগৰ সমিতিৰ বৈধতা ২৯ ডিচেম্বৰলৈ আছিল বুলি কৈ কয় যে টিনপাত লগাবৰ বাবে যিখন সমিতি হৈছিল৷ গুৰিতে তাৰ বৈধতা নাছিল৷ পূৰ্বৰ সমিতিখন নিয়ম অনুসৰি ২৯ ডিচেম্বৰলৈ বৈধতা আছিল৷ যেতিয়া মুখ্যমন্ত্ৰী আহি ১ কোটি টকা দিলে কাম কৰাৰ ব্যৱস্থা কৰা হ’ল৷ সেই সময়ত সমূহীয়া সভা দিব লাগিছিল৷ সমূহীয়া সভাত প্ৰস্তাৱ গৃহীত কৰি টিনপাত লগাব লাগিছিল৷ কিন্তু সেইটো নহ’ল, দৌৰা-দৌৰিকৈ কাম কৰা হ’ল৷ জাকত-জিলিকা কৰিবলৈ কাম কৰিলে৷ কিন্তু কাৰ্যত সেয়া হৈ নুঠিল বুলি আক্ষেপ প্ৰকাশ কৰি ড০ বাবুল চন্দ্ৰ দাসে কয় যে তিনিমাহল হোৱাই নাই, টিনপাতত মামৰে ধৰিলে৷ বহু টিনপাতত মামৰ লাগি আছে৷ কেইবাখনো মামৰে ধৰা টিনপাত সলনি কৰিবলগীয়া হৈছে৷ এতিয়া প্ৰশ্ন হৈছে মূল নামঘৰৰ যিখিন টিনপাত লগাইছে সেইখিনি টিনপাতত অদূৰ ভৱিষ্যতে যে মামৰে নধৰিব তাৰ কি মানে আছে৷ টাটা কোম্পানীৰ টিনপাত দিয়া বুলি কৈছিল৷ টিনপাত পোনে পোনে কোম্পানীৰ পৰা অনাৰ কথা আছিল৷ কিন্তু মধ্যভূগি হিচাপে অন্য ডিলাৰৰ সহায় লৈছিল৷ অন্য ডিলাৰৰ সহায় ল’বলগীয়া হ’ল কিয়? তাৰ কাৰণ কি? ৰেজিং কিছুমান ৪০ এমএৰ৷ আঁচনিত আছে ৬০ এমএমৰ৷ কটা টিনপাতৰ টুকুৰা লাৰি চাই গম পাইছো যে ৬৩ এমএমৰ নহয়৷ বাকী টিনপাতবোৰো আমি চাব লাগিব৷ যোৱা ১০ নৱেম্বৰত অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত অভিযোগ দিয়া হৈছে৷ সম্পাদকে চিঠি লিখি জনাইছে৷ কিন্তু চিএম ভিজিলেন্সৰ মানুহ অহা নাই৷ কিন্তু উপায়ুক্তৰ কাৰ্যালয়ে সমিতিৰ মানুহক মাতিছিল৷ আমি গৈছিলো কিন্তু তেওঁলোকৰ কথাত হয়ভৰ দিব নোৱাৰো এই কাৰণেই যে পূৰ্বৰ সমিতিয়ে যি কাম আৰু খৰচ কৰিছিল তাৰ তদন্ত হওক তাৰ পিছত আমি বাকী কামখিনি কৰিম৷ পূৰ্বৰ সমিতিখনত প্ৰভাত দাস, চক্ৰধৰ দাস, ধনজিৎ দাস, জয় দাস, বীণামতি, ৰঞ্জিত দাস আছিল৷ কিন্তু বাকী সদস্যক অৱগত নকৰাকৈ কামখিনি প্ৰভাত দাস আৰু চক্ৰধৰ দাসে কৰাৰ অভিযোগ আনে বুঢ়াসত্ৰীয়াগৰাকীয়ে৷ ১ কোটি টকা খৰচ কৰিবলৈ মাত্ৰ এদিন সভা পাতিছিল৷ বাকী সদস্যসকলে কৈছে যে গজাল, টিনপাত কৰ পৰা কেনেকৈ আনিছে সেইবোৰ আমি একো নাজানো৷ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত নিৰ্বাচনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া নিৰ্বাচিত হৈছিল ড০ বাবুল চন্দ্ৰ দাস। ৩,৭১৬ টা ভোট লাভ কৰি বুঢ়াসত্ৰীয়া পদত জয়লাভ কৰিছিল দাসে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে