প্ৰিয়াংক খাৰ্গেৰ ৫টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধই আকৰ্ষনীয় ৰূপ লৈছে৷ ইতিমধ্যে প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে জাগীৰোড আৰু ৰাজীৱ ভৱনত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ প্ৰিয়াংক খাৰ্গেয়ে অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধ কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ নেতাই কংগ্ৰেছক আক্ৰমণ কৰি আহিছে৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই এক্সত দিয়া এটা পোষ্টক ৰি-পোষ্ট কৰি ৫টা প্ৰশ্নৰ উত্তৰ বিচাৰে খাৰ্গেয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আপুনি নিজ নিজ ৰাজ্যৰ স্বাৰ্থ ৰক্ষা কৰাটোক ‘মাষ্টাৰষ্ট্ৰোক’ বুলি গণ্য কৰে৷ মই যদি কৰ্ণাটকৰ স্বাৰ্থ ৰক্ষা কৰো তেন্তে অসম বিৰোধী বুলি কোৱা হৈছে৷ তৈল মৰ্দন কৰাৰ পৰিৱৰ্তে আপুনি অসমক দুটা, কৰ্ণাটকক দুটা আৰু গুজৰাটক এটা ছেমি কণ্ডাক্টৰ প্ৰকল্প দিবলৈ আপোনাৰ প্ৰধানমন্ত্ৰীক কোৱা নাই কিয়? লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰিয়াংক খাৰ্গেয়ে ৫টা প্ৰশ্ন কৰে৷ কংগ্ৰেছ দল আৰু মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ পৰিৱৰ্তে অসমৰ জনসাধাৰণক প্ৰশ্নৰ উত্তৰ দিয়ক৷

(১) নগাঁৱৰ সমবায় চেনিকল বন্ধ কৰা হ’ল কিয়?

(২) ৰাজুহৱা খণ্ডৰ অসম চাহ নিগম লিমিটেডে ১৫খন বাগিচাৰ ভিতৰত ১২খন বাগিচা ব্যক্তিগত খণ্ডক লীজত দিছে কিয়?

(৩) নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ হ’ল কিয়?

(৪) অসমৰ ৫৬খন চাহ বাগিচা হয় পুনৰ্গঠন কৰি হয় তেওঁলোকৰ শ্বেয়াৰ হোল্ডিং স্থানান্তৰিত কৰা হৈছে, নহয় বন্ধ কৰা হৈছে কিয়?

(৫) প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ ৰাজসাহায্য পালে কিয়?

এদিন পূৰ্বে জাগীৰোডত প্ৰতিবাদ কৰিছিল বিজেপিয়ে৷ সেই প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি আক্ৰমণ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেক। তাৰেই প্ৰত্যুত্তৰ দি ৫টা প্ৰশ্ন কৰে প্ৰিয়াংক খাৰ্গেয়ে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ৫টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে প্ৰিয়াংক খাৰ্গেক৷ মাথো প্ৰিয়াংক খাৰ্গেক ধন্যবাদ দি ক’লে যে কৰ্ণাটকৰ মন্ত্ৰীয়ে যেতিয়া অসম আৰু ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কথা ক’ব তেতিয়া কেৱল মই আন্তৰিকতাৰে ভগৱানক ধন্যবাদ দিব পাৰো৷

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…