
আলফা(স্বা)ৰ ভাবুকিৰ পাছতেই বিজেপি কৰ্মী গৌৰৱ চোমানিক প্ৰদান কৰা হৈছে নিৰাপত্তাৰক্ষী৷ সশস্ত্ৰ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে গৌৰৱ চোমানিক৷ শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ প্ৰদান কৰা বাবে ক্ষুন্ন হৈ পৰিছিল আলফা(স্বা)৷

উল্লেখ্য, জিণ্টি দাস নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া পাঞ্জা খেলুৱৈক শিৱসাগৰৰ মাজমজিয়াত শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল ৩-৪ জনীয়া এটা অনাঅসমীয়া দুৰ্বৃত্তৰ দলে৷ যাৰ বাবে শিৱসাগৰৰ ৩০ৰো অধিক দল-সংগঠন আৰু শিৱসাগৰৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে৷ অন্যান্যসকলৰ লগতে বীৰ লাচিত সেনা, অসমৰ নেতা শৃংখল চলিহায়ো এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰে আৰু নিজস্ব শৈলীৰে অনাঅসমীয়া লোকক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে৷ ইয়াৰ পাছতেই শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ন-বিজেপি কৰ্মী গৌৰৱ চোমানিয়ে৷

গৌৰৱ চোমানিৰ গোচৰৰ পাছতেই সৰৱ হৈ পৰে আলফা(স্বা)৷ চোমানিৰ গোচৰৰ ভিত্তিত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি হুংকাৰ প্ৰদান কৰে আলফা(স্বা)এ৷ লগতে অসমৰ অন্য প্ৰান্তত থকা অনাঅসমীয়া ব্যক্তিয়েও গৌৰৱ চোমানিৰ কৃতকাৰ্যৰ ফল ভুগিব লাগিব বুলি ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷

এই ঘটনাৰ পাছতেই অসম আৰক্ষীয়ে গৌৰৱ চোমানিক প্ৰদান কৰে সশস্ত্ৰ নিৰাপত্তাৰক্ষী৷ চোমানিয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ শিৱসাগৰ আৰক্ষীলৈ প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে৷

লগতে পঢ়কঃ এজন মাৰোৱাৰীৰ বাবে সমগ্ৰ বহিৰাগতই সন্মুখীন হ’ব লাগিব বিষম পৰিস্থিতিৰ! কঠোৰ সকিয়নী আলফা স্বাধীনৰ