মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা । আছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাৰ সদৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কেন্দ্ৰীয় আৰু ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনজাত সামগ্ৰী, ৰন্ধন গেছ, ঔষধ-পাতি ইত্যাদি প্ৰত্যেকবিধ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ জনসাধাৰণক জুৰুলা কৰিছে।

সেয়ে বুধবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা তিনিচুকীয়া থানা চাৰিআলিলৈ এক বৃহৎ সমদল উলিয়াই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ বুঢ়াগোঁহাই আৰু সাধাৰণ সম্পাদক প্ৰতিম নেওগে প্ৰতিবাদী কাৰ্যসূচীত জঅংশগ্ৰহণ কৰি কয়, “মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰ আৰু যোগান বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

হিতাধিকাৰী সৃষ্টিৰ নামত ৰাজভঁৰালৰ ধন খৰচ কৰি নিত্যব্যৱহাৰ্য্য সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে । গতিকে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰক, অন্যথা তেওঁ দায়িত্বৰ পৰা পদত্যাগ কৰক ।”

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে