হিন্দুৰ সুৰক্ষাৰ বাবে ঢাকাত বৃহৎ সমাবেশ…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুঠ ৮ টা দাবী উত্থাপিত কৰি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এক গণ সমাবেশ অনুষ্ঠিত কৰা হয়। বাংলাদেশত হোৱা হিন্দু নিৰ্যাতন আৰু মন্দিৰ আক্ৰমণৰ ঘটনাৰ বিচাৰৰ বাবে ন্যায়াধিকৰণ গঠন, দোষীক শাস্তি, ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান আৰু পুনৰ সংস্থাপনকে ধৰি ৮ টা দাবী উত্থাপন কৰে বাংলাদেশ সন্মিলিত সংখ্যালঘু জোঁটে।

আজি পুৱা কেন্দ্ৰীয় ছহিদ মিনাৰ প্ৰাংগণত আয়োজিত এই গণ সমাবেশত দলে দলে বিভিন্ন সনাতনী সংগঠনৰ বেনাৰত আন্দোলনকাৰীসকল সংগবদ্ধ হয় । শংখ বজাই আৰু জাতীয় সংগীত পৰিবেশন কৰি তেওঁলোকে এই সমাবেশ আৰম্ভ কৰে। সমাবেশত বাংলাদেশ সন্মিলিত সংখ্যালঘু জোঁটৰ প্ৰতিনিধি প্ৰদীপ ক্ৰান্তি দে’য়ে কয় যে, ৯ আগষ্টৰ পৰা আমি আন্দোলন কৰি আছো। আমাৰ ওপৰত যি অত্যাচাৰ হৈছে সেয়া বন্ধ কৰাৰ বাবে আমি সংগ্ৰাম কৰিছো। আমাৰ উদ্দেশ্য ক্ষমতালৈ অহা নহয়, দেশক অস্থিৰ কৰা নহয়। আমি কেৱল অধিকাৰৰ বাবে আহিছো। আমাৰ ৮ দফাৰ দাবী বাস্তৱায়িত কৰাৰ বাবেই আমি সংগ্ৰাম কৰিছো।

উল্লেখযোগ্য যে, সন্মিলিত সংখ্যালঘু জোঁটৰ ৮ দফীয়া দাবীৰ ভিতৰত আছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত হোৱা প্ৰতিটো নিৰ্যাতনৰ বিচাৰ আৰু নিহত, আহত, ক্ষতিগ্ৰস্তৰ পৰিয়াললৈ ক্ষতিপূৰণ, হিন্দু সম্প্ৰদায়ৰ উচ্চ শিক্ষাৰ বাবে বৈদিক বিশ্ববিদ্যালয় স্থাপন, ধৰ্মীয় সংখ্যালঘু নিৰ্যাতন ৰোধ কৰিবলৈ সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন, শাৰদীয় দুৰ্গা পূজাৰ চৰকাৰী ছুটি ৫ দিন ঘোষণা কৰা, সকলো শিক্ষা প্ৰতিষ্ঠানত সনাতনী হিন্দু শিক্ষাৰ্থীৰ বাবে ধৰ্মীয় উপাসনাস্থলী স্থাপন আৰু ৬৪ জিলাত মডেল মন্দিৰসহ সনাতনী কৃষ্টি, সভ্যতা আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…