চৰাইদেউৰ নামতোলাত ব্যৱসায়ী সন্থাৰ সহযোগত পথ অৱৰোধৰ কাৰ্যসূচী বিভিন্ন সংগঠনৰ । নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনসমূহে। প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, মুছলেক আলীক নগা দুৰ্বৃত্তই অপহৰণ কৰা কেইবাটাও দিন হ’ল যদিও অসম আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
সেয়ে শুকুৰবাৰে পুৱা ৫ বজাৰ পৰাই নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰে ব্যৱসায়ী তথা সংগঠনসমূহে ।যাক লৈ অসম-নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা দেখা গৈছে । নামতোলাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অপহৰণৰ পাছতে দুৰ্বৃত্তই এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল।
মুছলেক আলীয়ে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি নগা সমাজ ধ্বংস কৰাৰ অভিযোগতে মুছলেক আলীক অপহৰণ কৰা বুলি নগা দুৰ্বৃত্তই প্ৰকাশ কৰিছিল। তাৰ পিছত পুনৰ আন এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি মুছলেক আলীৰ মুক্তিৰ বাবে ২৫ লাখ টকাৰ দাবী কৰিছে অপহৰণকাৰীয়ে।
২৫ লাখ টকা দিলেহে অপহৃত মুছলেক আলীক মুকলি কৰি দিয়া হ’ব বুলি ভিডিঅ’টোত জনাইছে মুছলেকে। ঘৰ মাটি বন্ধকত দি হ’লেও ২৫ লাখ যোগাৰ কৰি তেওঁক মোকোলাবলৈ ভিডিঅ’টোৰ জৰিয়তে পৰিয়ালক কাতৰ আহ্বান জনাইছে মুছলেক আলীয়ে।