পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইটহাউচ ফেষ্টিভেল মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডক এক নতুন গতি প্ৰদানেৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ওড়িশাৰ পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইটহাউচ ফেষ্টিভেলৰ শুভ উদ্বোধন কৰে। দুদিনীয়াকৈ আয়োজিত এই লাইটহাউচ ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাইটহাউচ ফেষ্টিভেলতে পাৰাদ্বীপ বন্দৰ প্ৰাধিকৰণৰ বিভিন্ন প্ৰকল্প আৰু কচ্ছ উপসাগৰ, গুজৰাটত কালৱান ৰীফ লাইটহাউচ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে।

এই অনুষ্ঠানত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়েও অংশগ্ৰহণ কৰে। সোণোৱালে ঘোষণা কৰে যে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে লাইটহাউচৰ চাৰিওফালে থকা উপকূলীয় সম্প্ৰদায়সমূহৰ সবলীকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব যাতে তেওঁলোকক ভাৰতৰ সামুদ্ৰিক খণ্ডৰ সমৃদ্ধ ঐতিহ্য বহন কৰি অহা লাইটহাউচবোৰৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত সমান্তৰালকৈ দায়বদ্ধ কৰি তোলা হয়। ওড়িশাৰ উপকূলত দুটা নতুন লাইটহাউচ স্থাপনৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে। এটা নাৰায়ণপুৰৰ চৌমুকত আৰু আনটো ভদ্ৰক জিলাৰ ধামৰাত স্থাপিত হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয়, “ভাৰতৰ সামুদ্ৰিক ঐতিহ্য উদযাপনেৰে আপোন দেশখনৰ ঐতিহ্য-সংস্কৃতিৰ সাক্ষী হোৱাৰ আমি যত্ন কৰিছোঁ। লাইটহাউচসমূহ দেশৰ সামুদ্ৰিক খণ্ডৰ আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্ৰবিন্দু। ওড়িশাৰ ঐতিহ্যমণ্ডিত পুৰীত দ্বিতীয় ইণ্ডিয়ান লাইটহাউচ ফেষ্টিভেলৰ শুভ উদ্বোধনৰ লগতে বিভিন্ন বন্দৰ প্ৰকল্প তথা লাইটহাউচ প্ৰকল্পৰ শুভ উদ্বোধনে দেশৰ পৰ্যটন তথা সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত লাইটহাউচ পৰ্যটনৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছো। ইতিমধ্যে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ৭৫টা লাইটহাউচ পৰ্যটন স্থলী হিচাপে বিকশিত কৰা হৈছে, যাৰ সৈতে সংলগ্ন আছে সংগ্ৰহালয়, ৰংগমঞ্চ, মুকলি থিয়েটাৰ, কেফেটেৰিয়া, শিশু উদ্যান আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে পৰিৱেশ-অনুকূল কুটিৰ।”

সোণোৱালে লগতে কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত যথেষ্ট সুযোগ-সম্ভাৱনা আছে, যাক আমি নতুন ৰূপত উজ্জীৱিত কৰাত বিশেষ অগ্ৰাধিকাৰ দি আহিছোঁ। এই দিশৰ গুৰুত্ব উপলব্ধি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ জলপথ খণ্ডত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ সৈতে লাইটহাউচ স্থাপনৰ দিশ অন্বেষণত আমি যোগাত্মকভাৱে গুৰুত্ব আৰোপ কৰিছোঁ।”

উক্ত বিভিন্ন অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতী পৰিদা, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, পুৰীৰ সাংসদ সম্বিত পাত্ৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ওড়িশাৰ পুৰীস্থিত তালাবনিয়া ময়দানত আয়োজিত অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল উপকূলীয়া অঞ্চলৰ খাদ্য-সম্ভাৰ, বিনোদন উদ্যান, লোকনৃত্য আৰু সংগীতৰ অনুষ্ঠান, সমুদ্ৰ পাৰৰ হাট, বলীউডৰ প্ৰসিদ্ধ গায়কৰ গীতৰ অনুষ্ঠান ইত্যাদি।
  • Brahmaputra Times

    Related Posts

    নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…

    দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…

    ৰাইডঙীয়াৰ ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ

    নগাঁও জিলাৰ ঐতিহাসিক ৰাইডঙীয়াত অনুষ্ঠিত ৰাস মহোৎসৱত দৰ্শনাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱৰ আজি অন্তিম দিন৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…