ভাৰত বিৰোধী নেতাক সাক্ষাৎ কৰি শাসকীয় দলৰ ৰোষত ৰাহুল গান্ধী

লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ আমেৰিকা ভ্ৰমণলৈ গৈ বিপদত পৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধী।

সম্প্রতি আমেৰিকাৰ বিভিন্ন সম্প্ৰদায়ৰ নেতাক সাক্ষাৎ কৰি আছে ৰাহুল গান্ধীয়ে। য’ত ভাৰত বিৰোধী কৰ্মী ইলহান ওমৰকো তেওঁৰ সৈতে দেখা গৈছে।

ভাৰত বিৰোধী নেতাৰ সৈতে ৰাহুল গান্ধীৰ বৈঠকৰ ছবি পোহৰলৈ অহাৰ পিছতে কংগ্ৰেছ আৰু তেওঁক লক্ষ্য কৰি লৈছে বিজেপিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয় যে জম্মু-কাশ্মীৰত জে কে এন চিৰ ৰাষ্ট্ৰীয় আৰু সংৰক্ষণ বিৰোধী এজেণ্ডাক সমৰ্থন কৰাই হওক বা বিদেশী মঞ্চত ভাৰত বিৰোধী কথা কোৱাই হওক, ৰাহুল গান্ধীয়ে সদায় দেশৰ নিৰাপত্তা আৰু আৱেগক আঘাত দি আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ পোষ্টত আৰু লিখিছে – ভাষাৰ পৰা ভাষালৈ, অঞ্চলৰ পৰা অঞ্চললৈ আৰু ধৰ্মৰ পৰা ধৰ্মলৈ বৈষম্যৰ কথা কোৱাটোৱে ৰাহুল গান্ধীৰ বিভাজনমূলক চিন্তাধাৰাক প্ৰতিফলিত কৰে। দেশৰ পৰা সংৰক্ষণ বিলুপ্ত কৰাৰ কথা কৈ ৰাহুল গান্ধীয়ে পুনৰবাৰ কংগ্ৰেছৰ সংৰক্ষণ বিৰোধী মুখখন দেশৰ সন্মুখত আনিছে। মনৰ চিন্তা আৰু ধাৰণাবোৰ সদায় কোনোবা নহয় কোনোবা উপায়েৰে ওলাই আহে।

কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে লগতে কয় যে, মই ৰাহুল গান্ধীক ক’ব বিচাৰো যে বিজেপি থকালৈকে কোনেও সংৰক্ষণ স্পৰ্শ কৰিব নোৱাৰে আৰু দেশৰ ঐক্যৰ সৈতে কোনেও খেলিব নোৱাৰে।

ইফালে বিজেপিৰ সাংসদ ড০ নিশিকান্ত ডুবেয়েও ইলহান ওমৰৰ সৈতে ৰাহুল গান্ধীৰ এখন ছবি পোষ্ট কৰি লিখিছে – ৰঙা বৃত্তৰ এইগৰাকী মহিলা হৈছে আমেৰিকাত ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী ইলহান ওমৰ, যিয়ে খালিস্তান আৰু কাশ্মীৰক পৃথক দেশ হিচাপে গঢ়ি তোলাত অহৰহ সমৰ্থন কৰে। এতিয়া আমেৰিকাত ৰাহুল গান্ধীয়ে এই এজেণ্ডাৰ বাবে সমৰ্থন গোটোৱাত ব্যস্ত হৈছে।

উল্লেখ্য যে তথ্য অনুসৰি ৰাহুল গান্ধীৰ এই বৈঠক ৱাশ্বিংটন ডি চিৰ ৰেবাৰ্ন হাউছৰ কাৰ্যালয় ভৱনত অনুষ্ঠিত হৈছিল। এই সময়ছোৱাত তেওঁৰ সৈতে ব্ৰেডলি জেমছ শ্বাৰমান, ইলহান ওমৰ, জনাথন জেকচন, ৰ’ খান্না, ৰাজা কৃষ্ণমূৰ্তি ছামেক আদি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Posts

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…